উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছত শুকুৰবাৰে বিজেপিয়ে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নেতৃত্বত পুনৰ চৰকাৰ গঠন কৰে। কিন্তু পূৰ্বৰ চৰকাৰত উপ মুখ্যমন্ত্ৰী হৈ থকা ড০ দিনেশ শৰ্মাকে ধৰি কেইবাজনো প্ৰাক্তন মন্ত্ৰীয়ে বৰ্তমানৰ মন্ত্ৰীসভাত সুযোগ লাভ কৰিব নোৱাৰিলে।
ড০ দিনেশ শৰ্মাক এইবাৰ চৰকাৰত অন্তৰ্ভুক্ত কৰা হোৱা নাই। এইবাৰ ব্ৰাহ্মণ সম্প্ৰদায়ৰ পৰা অহা শৰ্মাৰ ঠাইত ব্ৰজেশ পাঠকক উপ মুখ্যমন্ত্ৰী কৰা হৈছে। ছাত্ৰ ৰাজনীতিৰ পৰা অহা পাঠকক বিজেপিয়ে বিধানসভা নিৰ্বাচনৰ সময়ত এজন বিশিষ্ট ব্ৰাহ্মণ ফেচ হিচাপে উন্নীত কৰিছিল।
সতীশ মহানা আৰু ৰামপতি শাস্ত্ৰীয়েও সুযোগ নাপালে মন্ত্ৰীসভাতঃপূৰ্বৰ চৰকাৰৰ ঔদ্যোগিক মন্ত্ৰী সতীশ মহানা আৰু সমাজ কল্যাণ মন্ত্ৰী ৰামপতি শাস্ত্ৰীয়েও সুযোগ পোৱা নাই যোগী মন্ত্ৰীসভাত। মহানা কানপুৰ জিলাৰ মহাৰাজপুৰ সমষ্টি আৰু সতীশ শাস্ত্ৰী গোণ্ডা জিলাৰ মানকাপুৰ আসনৰ পৰা অষ্টমবাৰৰ বাবে বিধান সভালৈ নিৰ্বাচিত হৈছে। অৱশ্যে দুয়োৰে মাজৰ এজনক বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰাৰ সম্ভাৱনা আছে।
বিজেপিৰ বৰ্তমানৰ ৰাজ্যিক সভাপতি স্বতন্ত্ৰ দেৱ সিঙে শুকুৰবাৰে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। তাৎপৰ্যপূৰ্ণভাৱে, এইবাৰ বিজেপিয়ে এক-ব্যক্তি-এক-পদৰ নীতি অনুসৰণ কৰে।একেদৰে, পূৰ্বৰ চৰকাৰৰ একমাত্ৰ মুছলমান মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত হোৱা সংখ্যালঘু কল্যাণ ৰাজ্যিক মন্ত্ৰী মহছিন ৰাজাকো এইবাৰ মন্ত্ৰীসভাত স্থান দিয়া হোৱা নাই।
পূৰ্বৰ যোগী নেতৃত্বাধীন চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী জয় প্ৰতাপ সিং, আবকাৰী মন্ত্ৰী ৰাম নৰেশ অগ্নিহোত্ৰী, জল শক্তি মন্ত্ৰী ড০ মহেন্দ্ৰ সিং, নগৰ উন্নয়ন মন্ত্ৰী হৈ থকা আশুতোষ টণ্ডন আৰু ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) ড০ নীলকান্ত তিৱাৰীকে ধৰি কেইবাজনো নেতাই পুনৰ মন্ত্ৰীসভাত স্থান লাভ কৰাত ব্যৰ্থ হয়। উল্লেখ্য যে, ড০ মহেন্দ্ৰ সিং বিধান পৰিষদৰ সদস্য হোৱাৰ বিপৰীতে আন সকলো বিধানসভা নিৰ্বাচনত নিৰ্বাচিত হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|