ভয়ংকৰ! যৌন কামনা পূৰণ কৰিব নোৱাৰি প্ৰেমিকে জ্বলাই দিলে প্ৰেমিকাক

দেশত যেন ক্ৰমাত্ নাইকীয়া হৈছে মহিলাৰ সুৰক্ষা। দ্ৰুতগতিত বৃদ্ধি পাইছে নাৰীজনিত অপৰাধ।
দেশত যেন ক্ৰমাত্ নাইকীয়া হৈছে মহিলাৰ সুৰক্ষা। দ্ৰুতগতিত বৃদ্ধি পাইছে নাৰীজনিত অপৰাধ।
- News18 Assam
- Last Updated: November 8, 2020, 3:35 PM IST
উত্তপৰ প্ৰদেশৰ বালিয়া জিলাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। কৃষ্ণ গুপ্তা নামৰ এজন ২১ বছৰীয়া যুৱকে নিজৰ প্ৰেমিকাৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিব নোৱাৰি সংঘটিত কৰিলে এই ঘটনা। দীৰ্ঘদিন ধৰি প্ৰেমিকাৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপনৰ বাবে জোৰ কৰি আছিল। কিন্তু প্ৰেমিকাই বাৰে বাৰে এই প্ৰস্তাৱ মানি নোলোৱাত প্ৰেমিকাক অকলশৰীয়াকৈ পাই প্ৰেমিক কৃষ্ণই প্ৰেমিকাৰ দেহত কেৰাচিন ঢালি জুই লগাই দিয়ে।
পিছত যুৱতীগৰাকীক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি স্থানীয় একাংশ লোকে চিকিত্সালয়ত ভৰ্তি কৰায়। বৰ্তমান চিকিত্সালয়ৰ বিচনাত জীৱন মৃত্যুৰে যুঁজিছে যুৱতীগৰাকীয়ে। ইফালে যুৱতীগৰাকীৰ পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছে পাষণ্ড কৃষ্ণক।