২০০২ চনৰ বিলকিছ বানো গোচৰত ধৰ্ষণ আৰু হত্যাৰ দোষী সাব্যস্ত হোৱা ১১জন ব্যক্তিক ক্ষমাদানৰ নিৰ্দেশ ৰদ কৰিবলৈ উচ্চতম ন্যায়ালয়ক আহ্বান জনাইছে সমাজকৰ্মী, মহিলা আৰু মানৱ অধিকাৰ কৰ্মীকে ধৰি ৬ হাজাৰতকৈ অধিক নাগৰিকে৷
এক যৌথ বিবৃতিত কোৱা হৈছে যে, “দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ গোচৰত দোষী সাব্যস্ত হোৱা ১১ জন লোকক ৰেহাই দিয়াৰ ফলত ন্যায় ব্যৱস্থাক বিশ্বাস কৰিবলৈ কোৱা, ন্যায়ৰ দাবী কৰিবলৈ কোৱা ধৰ্ষণৰ ভুক্তভোগী প্ৰতিগৰাকী নাৰী হতাশাৰ দ্বাৰা প্ৰভাৱিত হ'ব।”
বিবৃতিটোত দাবী কৰা হৈছে যে ক্ষমাৰ সিদ্ধান্ত তৎকালীনভাৱে প্ৰত্যাহাৰ কৰা উচিত। লগতে কোৱা হৈছে যে এই হত্যা আৰু ধৰ্ষণৰ দোষীক শাস্তি সম্পূৰ্ণ কৰাৰ পূৰ্বে মুকলি কৰি দিলে নাৰীৰ ওপৰত অত্যাচাৰ কৰা সকলো পুৰুষৰ মনত (শাস্তিৰ) ভয় কমি যাব।
উল্লেখ্য, শাস্তিৰ ক্ষমাদান নীতিৰ অংশ হিচাপে গুজৰাট চৰকাৰে ১১জন দোষীক মুকলি কৰি দিয়াৰ অনুমতি দিয়াৰ পিছতে ১৫ আগষ্টত তেওঁলোক গোধৰা উপ-কাৰাগাৰৰ পৰা ওলাই আহিছিল (11 men convicted for the rape of Bilkis Bano and released by the Gujarat government)। এই দোষীসকলে ১৫ বছৰতকৈ অধিক সময় কাৰাগাৰত কটাবলগীয়া হৈছে।
২০০৮ চনৰ ২১ জানুৱাৰীত মুম্বাইৰ এখন বিশেষ চিবিআই আদালতে বিলকিছ বানোৰ পৰিয়ালৰ ৭ জন সদস্যক ধৰ্ষণ আৰু হত্যাৰ গোচৰত এই ১১জন লোকক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। বোম্বে উচ্চ ন্যায়ালয়ে তেওঁলোকক দোষী সাব্যস্ত কৰে। বিলকিছ বানো যেতিয়া দলবদ্ধ ধৰ্ষণৰ বলি হৈছিল তেতিয়া তেওঁৰ বয়স আছিল ২১ বছৰ আৰু ৫ মাহৰ গৰ্ভৱতী আছিল। নিহতসকলৰ ভিতৰত তেওঁৰ তিনি বছৰীয়া কন্যাও আছিল।
গুজৰাট চৰকাৰৰ ক্ষমাদানৰ পিছত দলবদ্ধ ধৰ্ষণৰ দোষীৰ মুক্তিৰ পিছত বিলকিছ বানোৱে কৈছিল– ‘মোক কোনো ভয় নোহোৱাকৈ আৰু শান্তিৰে জীয়াই থকাৰ অধিকাৰ দিয়ক।’
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|