உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • দেশৰ বিভিন্ন প্ৰান্তত এতিয়া চীন বিৰোধী শ্লোগান, উত্তেজিত জনতাই ভাঙিলে চীনত নিৰ্মিত টিভি

    দেশৰ বিভিন্ন প্ৰান্তত এতিয়া চীন বিৰোধী শ্লোগান, উত্তেজিত জনতাই ভাঙিলে চীনত নিৰ্মিত টিভি

    ক্ৰমাত্‍ জটিল হৈছে ভাৰত-চীনৰ মাজৰ বৈদেশিক সম্পৰ্ক

    ক্ৰমাত্‍ জটিল হৈছে ভাৰত-চীনৰ মাজৰ বৈদেশিক সম্পৰ্ক

    ক্ৰমাত্‍ জটিল হৈছে ভাৰত-চীনৰ মাজৰ বৈদেশিক সম্পৰ্ক

    • Share this:
    ক্ৰমাত্‍ জটিল হৈছে ভাৰত-চীনৰ মাজৰ বৈদেশিক সম্পৰ্ক। লাডাখত ২০ গৰাকী ভাৰতীয় সেনাক হত্যা কৰিলে চীনা সেনাই। মঙলবাৰৰ পৰাই চীনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে দেশৰ সাধাৰণলোকেও। কোনো কাৰণতে এনে কাৰ্য সহ্য কৰা নহ’ব বুলি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ তৰফলৰ পৰা চীনক দিয়া হৈছে সকীয়নি।

    চীনৰ বৰ্বৰতাক এতিয়া সৰ্বত্ৰ ধিক্কাৰ দিছে। চুৰাটৰ ৰাজপথত চীন বিৰোধী শ্লোগানেৰে ওলাই আহিছে সাধাৰণ জনতা। চুৰাটৰ বৰচ্চা অঞ্চল একাংশই উত্তেজিত হৈ চীনত নিৰ্মিত টিভিয়ে ভাঙি পেলাইছে। ফ্লেটৰ ভিতৰৰ পৰা তললৈ পেলাই দিছে চীনত নিৰ্মিত টিভি। সেইদৰে চীনৰ সামগ্ৰী ব্যৱহাৰ নকৰাৰো শপত লৈছে সকলোৱে। বৃহত্‍ সংখ্যক জনতাৰ প্ৰতিবাদ এতিয়াও অব্যাহত আছে চুৰাটত।

    First published: