আহিছে বিধ্বংসী মহা ঘূৰ্ণী ‘নিসৰ্গ, আগন্তুক কেইবা ঘণ্টা ধৰি চলিব পাৰে তাণ্ডৱ

News18 Assam | News18-Assam
Updated:June 3, 2020, 4:26 PM IST
আহিছে বিধ্বংসী মহা ঘূৰ্ণী ‘নিসৰ্গ, আগন্তুক কেইবা ঘণ্টা ধৰি চলিব পাৰে তাণ্ডৱ
File Photo

আগন্তুক ৩ ঘণ্টাৰ ভিতৰত আহিব পাৰে ‘নিসৰ্গ’, সাৱধান কৰি দিলে বতৰ বিজ্ঞান কেন্দ্ৰই। ইতিমধ্যে মহাৰাষ্ট্ৰৰ ৰাজগড় জিলাত প্ৰৱেশ কৰিছে নিসৰ্গই।

  • Share this:
আমফানৰ পিছত এইবাৰ নিসৰ্গ! ইতিমধ্যে মহাৰাষ্ট্ৰৰ বিভিন্ন ঠাইত প্ৰৱেশ কৰিছে নিসৰ্গ। আগন্তুক তিনি ঘণ্টা প্ৰচণ্ড ধুমুহা আৰু বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে। এই কথা সদৰী কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ‘নিসৰ্গ’ এতিয়া মহাৰাষ্ট্ৰৰ বায়গড় জিলাত প্ৰৱেশ কৰিছে। দুপৰীয়া ১২.৩০ বজাৰ পৰা মহাৰাষ্ট্ৰৰ বিভিন্ন ঠাইত আৰম্ভ হৈছে প্ৰচণ্ড ধুমুহা বৃষ্টিপাত।

বতৰ বিজ্ঞানৰ শেহতীয়া তথ্য মতে লেণ্ডফলৰ সময়ত বতাহৰ গতিবেগ থাকিব অন্ততঃ ১০০-১২০ কিলোমিটাৰ প্রতি ঘণ্টাত। ইয়াৰ ফলত মুম্বাই সহ মহাৰাষ্ট্ৰৰ একাধিক জিলাত যথেষ্ট ধ্বংসলীলা চলিব পাৰে। ঘূৰ্ণীবতাহৰ তাণ্ডৱৰ কাৰণে ঘৰ–দুৱাৰ ভঙাৰ লগতে টেলিফোনৰ টাৱাৰ, বিদ্যুতৰ খুঁটা, ডাঙৰ গছ ভাঙি পৰিব পাৰে। বিচ্ছিন্ন হ’ব পাৰে ইণ্টাৰনেট তথা বিদ্যুৎ সংযোগ। অৰ্থাৎ ‘আমফান’ৰ অনুৰূপ ‘নিসৰ্গ’ইও যে যথেষ্ট ক্ষতিসাধন কৰিব সেয়া নিশ্চিত। কেৱল মহাৰাষ্ট্ৰই নহয় গুজৰাটতো যথেষ্ট ক্ষয়–ক্ষতিৰ আশংকা কৰা হৈছে।

IMD প্রধান মৃত্যুঞ্জয় মহাপাত্ৰই জনাইছে যে, ‘দুপৰীয়া ১২.৩০ বজাৰ পৰা আৰম্ভ হৈছে লেণ্ডফল। এই সময়ত ৰায়গড় জিলাতো বতাহৰ গতিবেগ ১০০-১২০ কিলোমিটাৰ প্ৰতিঘণ্টাত। নিসৰ্গৰ ফলত এতিয়া সতৰ্কতা জাৰি কৰা হৈছে মহাৰাষ্ট্ৰৰ উপকুলীয়া অঞ্চলত। আনকি গুজৰাটৰ উপকুলীয় অঞ্চলতো সতৰ্কতা জাৰি কৰা হৈছে।
First published: June 3, 2020, 4:26 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading