
সংবাদ মাধ্যমৰ খবৰ অনুসৰি, এদিন পূৰ্বে হত্যাৰ গোচৰত পলাতক অভিযুক্ত সুশীল কুমাৰৰ অন্তিম লোকেশ্যন পঞ্চাবৰ বঠিণ্ডাত ট্ৰেচ কৰা হৈছিল।
সংবাদ মাধ্যমৰ খবৰ অনুসৰি, এদিন পূৰ্বে হত্যাৰ গোচৰত পলাতক অভিযুক্ত সুশীল কুমাৰৰ অন্তিম লোকেশ্যন পঞ্চাবৰ বঠিণ্ডাত ট্ৰেচ কৰা হৈছিল।
দিল্লীৰ ছত্ৰসাল ষ্টেডিয়ামত মল্লযোদ্ধা সাগৰ ধনখড়ৰ হত্যাৰ ঘটনাত অভিযুক্ত তথা পলাতক হৈ থকা অলিম্পিক পদক বিজেতা সুশীল কুমাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। স্পেচিয়েল চেলে নিজৰ জিম্মাত লৈছে সুশীল কুমাৰক। সুশীলৰ লগতে তেওঁৰ আন এজন সহযোগীকো গ্ৰেপ্তাৰ কৰা হৈছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি, এদিন পূৰ্বে হত্যাৰ গোচৰত পলাতক অভিযুক্ত সুশীল কুমাৰৰ অন্তিম লোকেশ্যন পঞ্চাবৰ বঠিণ্ডাত ট্ৰেচ কৰা হৈছিল।
তেওঁক গ্ৰেপ্তাৰৰ বাবে আৰক্ষীয়ে কেইবাটাও দল গঠন কৰিছিল আৰু মল্লযোদ্ধাজনক গ্ৰেপ্তাৰৰ বাবে হাৰিয়ানা আৰু পঞ্জাবৰ কেইবাস্থানতো অভিযান চলাইছিল। ইয়াৰ পূৰ্বে দিল্লীৰ এক আদালতে সুশীল কুমাৰক অগ্ৰিম জামিন দিবলৈ অস্বীকাৰ কৰিছিল। দিল্লী আৰক্ষীয়ে সুশীল কুমাৰৰ গ্ৰেপ্তাৰৰ বাবে অনুসন্ধান দিয়াজনক ১ লাখ টকা আৰু সহযোগী অজয় কুমাৰক গ্ৰেপ্তাৰৰ বাবে সন্ধান দিওঁতালৈ ৫০ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|