নৱবৰ্ষত ভাল খবৰ কৰ্মচাৰীলৈ, ৮ ঘণ্টাতকৈ অধিক কাম কৰিলে কৰ্মচাৰীয়ে পাব দুগুণ দৰমহা, কেন্দ্ৰীয় চৰকাৰৰ সেউজ সংকেত

Source-Google
নৱবৰ্ষৰ প্ৰাকক্ষণত কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীৰ বাবে দিছে ভাল খবৰ।
- News18 Assam
- Last Updated: December 31, 2020, 4:24 PM IST
কৰ্মচাৰীক ৮ ঘণ্টাতকৈ অধিক সময় কৰ্মত নিয়োজিত কৰিলেই প্ৰতিষ্ঠানে প্ৰদান কৰিব লাগিব দুগুণ দৰমহা। ২০২১ চনৰ এপ্ৰিল মাহৰ পৰা এই নতুন আইন প্ৰযোজ্য হোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে এই ক্ষেত্ৰত সেউজ সংকেত প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে।
উল্লেখ্য যে, ৮ ঘণ্টা কাম কৰাৰ পিছত অতিৰিক্ত ভাবে ১৫ মিনিট কামত খটালেই দিব লাগিব দিনটোৰ দুগুণ দৰমহা। ইতিমধ্যে নতুন আইন প্ৰণয়নৰ বাবে সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ।