উল্লেখযোগ্য যে, Covid-19 মহামাৰীয়ে নতুন দিল্লীত ভয়ংকৰ ৰূপ ধাৰণ কৰি সহস্ৰাধিক লোকৰ প্ৰাণ লোৱাৰ সময়তে সান্ধ্য আইনৰ মাজতো পূৰ্ণ গতিত চলি আছে নতুন প্ৰধানমন্ত্ৰীৰ বাসগৃহ নিৰ্মাণৰ কাম। যদিও দিল্লীত অন্য সকলো নির্মাণকাৰ্য বন্ধ হৈ আছে; এই নিৰ্মাণ কার্যক Essential Service হিচাপে গণ্য কৰি আগবঢ়াই লোৱা যোৱা হৈছে।
এই নিৰ্মাণ কাৰ্যৰ Nodal Agency Central Public Work Department চমুকৈ CPWDয়ে অলপতে জনোৱা মতে, ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ আৰু উপ–ৰাষ্ট্ৰপতিৰ বাসগৃহ নির্মাণৰ কাৰণে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰণালয়ৰ তৰফৰ প্ৰয়োজনীয় অনুমোদন লাভ কৰা হৈছে। নতুন সংসদ ভৱন নির্মাণৰ কাৰণে পূৰ্বতেই এই অনুমোদন লাভ কৰা হৈছিল। বৰ্তমানৰ South Blocৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ঠিক পাছফালে নিৰ্মাণ হ’ব প্ৰধানমন্ত্ৰীৰ বাসগৃহ। অন্যহাতেদি North Blocৰ বর্তমানৰ বিত্ত মন্ত্ৰণালয়ৰ সমীপত নিৰ্মাণ হ’ব উপ–ৰাষ্ট্ৰপতিৰ বাসগৃহ।
উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰীৰ বাসগৃহ আৰু Special Protection Group (SPG) কাৰ্যালয় ভৱনৰ নিৰ্মাণ কাৰ্য সমাপ্ত হ’ব ২০২২ চনৰ ডিচেম্বৰ মাহত। সংসদ ভৱনৰ নির্মাণ কাৰ্য সমাপ্ত হ’ব একে বছৰৰ নৱেম্বৰ মাহত আৰু উপ–ৰাষ্ট্ৰপতিৰ বাসগৃহ নিৰ্মাণ হৈ উঠিব ২০২২চনৰ মে’ মাহত।
গোটেই প্ৰকল্পটোৰ কাৰণে ৰাজকোষৰ ধন ব্যয় হ’ব ১৩,৫০০কোটি টকা। উচ্চতম ন্যায়ালয়েও এই নিৰ্মাণকাৰ্যত সেউজ সংকেত প্ৰদান কৰিছে। বৰ্তমান প্ৰধানমন্ত্ৰীৰ ঠিকনা হৈছে ৭, লোক কল্যাণ মাৰ্গ। পূৰ্বতে এই ৰাস্তাৰ নাম আছিল ৰেচ কোৰ্ছ ৰোড। প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ সময়ৰ পৰা এই স্থান প্ৰধানমন্ত্ৰীৰ ঠিকনা হৈ আছে।