কেতিয়াৰ পৰা চীন দেশৰ সেনাই ভাৰতীয় ভূখণ্ড দখল কৰি আছে? চৰকাৰৰ পৰা জানিব বিচাৰিলে ছোনিয়া গান্ধীয়ে।
কেতিয়াৰ পৰা চীন দেশৰ সেনাই ভাৰতীয় ভূখণ্ড দখল কৰি আছে? চৰকাৰৰ পৰা জানিব বিচাৰিলে ছোনিয়া গান্ধীয়ে।
লাডাখৰ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে আহ্বান জনোৱা সৰ্বদলীয় বৈঠকত সকলো বিৰোধী দলে চৰকাৰক সহযোগিতা আগবঢ়োৱাৰ কথা ঘোষণা কৰিলে। যদিও প্ৰত্যাশিত ভাবেই চৰকাৰৰ আগত বহু কেইটা প্ৰশ্ন দাঙি ধৰিছে কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে। শুকুৰবাৰে কংগ্ৰেছ, তৃণমুল কংগ্ৰেছ, শিৱসেনাৰ লগতে প্ৰায় ২০ টা বিৰোধী দলৰ নেতাৰ সৈতে লাডাখৰ পৰিস্থিতি সন্দৰ্ভত বৈঠকত বহিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
লাডাখৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰিবলৈ শুকুৰবাৰে বিয়লি সৰ্বদলীয় বৈঠকৰ আহ্বান জনাইছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ লগতে উদ্ধৱ থাকৰে, এম কে ষ্টেলীন, সীতাৰাম ইয়েচুৰী, নিতিশ কুমাৰ, জগন মোহন ৰেড্ডী, এন চন্দ্ৰবাবু নাইডু, শৰদ পাৱাৰ, অখিলেশ যাদৱৰ দৰে নেতাই ভাগ লয় বৈঠকত।
জানিব পৰা গৈছে যে, সৰ্বদলীয় বৈঠকত চৰকাৰৰ ফালৰ পৰা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শেহতীয়া লাডাখৰ পৰিস্থিতি সন্দৰ্ভত ৰাজনৈতিক নেতাসকলৰ পৰা পৰামৰ্শ বিচাৰে। নেতাসকলৰ মাজৰ পৰা প্ৰথমে বক্তব্য ৰাখে কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে। গান্ধীয়ে কয় যে, ‘এই বৈঠক আগতেই অনুষ্ঠিত কৰিব লাগিছিল চৰকাৰে। ’ কেৱল ইমানেই নহয়, কেতিয়াৰ পৰা চীন দেশৰ সেনাই ভাৰতীয় ভূখণ্ড দখল কৰি আছে? চৰকাৰৰ পৰা জানিব বিচাৰিলে ছোনিয়া গান্ধীয়ে। ছোনিয়া গান্ধীৰ অভিযোগ, ‘লাডাখৰ সংঘাত আৰম্ভ হোৱাৰ পিছতো ইমান দিন চৰকাৰে বিৰোধীক অন্ধকাৰত ৰাখিলে। দেশৰ এই সংকটৰ সময়ত চৰকাৰক সহযোগ কৰিব কংগ্ৰেছে।’
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|