পি এম কেয়াৰ্চ ফাণ্ড (PM CARES Fund) সদায় বিৰোধীৰ আক্ৰমণৰ লক্ষ্য হৈ আহিছে কিন্তু এই পূঁজিৰ টকাৰে নিৰ্মিত অক্সিজেন প্লাণ্টসমূহ ৰাজনীতিবিদসকলে উদ্বোধন কৰোতে কোনেও সেই কথা ঘূণাক্ষৰেও উল্লেখ নকৰে।
এই কথা আকৌ এবাৰ প্ৰমাণ হ’ল যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে কেইবাখনো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত এলেকাৰ কাৰণে ৩৫টা অক্সিজেন প্লাণ্ট দেশবাসীক অৰ্পণ কৰে। এই সকলো প্লাণ্ট পি এম কেয়াৰ্চ ফাণ্ডৰ টকাৰে নিৰ্মিত।
মাত্ৰ এটা দিন পূৰ্বে দিল্লী আৰু ঝাৰখণ্ড চৰকাৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীত ওজৰ আপত্তি দেখুৱাৰ লগতে দুয়োখন চৰকাৰৰ মন্ত্ৰীয়ে কেইবাটাও অক্সিজেন প্লাণ্ট উদ্বোধন কৰে। এইবোৰ পি এম কেয়াৰ্চৰ টকাৰে নিৰ্মিত।
“PM CARESক একেৰাহে ভৎৰ্সনা কৰি অহা বিৰোধীয়ে সেই পি এম কেয়াৰ্চৰ টকাৰে নিৰ্মিত অক্সিজেন প্লাণ্ট উদ্বোধন কৰি নিজে কৃতিত্ব ল’ব খুজিছে।” কেন্দ্ৰৰ এক সূত্ৰই প্ৰকাশ কৰে।