• Home
  • »
  • News
  • »
  • nation
  • »
  • BJP MLA Viral Video: মোবাইলত তিন পট্টি গেম, টেবুলৰ তলত গুটখা মিক্সিং, বিধানসভাৰ অধিবেশন চলি থাকোতেই বিজেপি বিধায়কৰ এই কাণ্ড, ভাইৰেল ভি়ডিঅ'

BJP MLA Viral Video: মোবাইলত তিন পট্টি গেম, টেবুলৰ তলত গুটখা মিক্সিং, বিধানসভাৰ অধিবেশন চলি থাকোতেই বিজেপি বিধায়কৰ এই কাণ্ড, ভাইৰেল ভি়ডিঅ'

BJP MLA Viral Video: উত্তৰ প্ৰদেশ বিধানসভাত বিৰোধীয়ে বিজেপিক আক্ৰমণ কৰি বিজেপিৰ বিধায়কে মোবাইল ফোনত তাচ খেলি থকাৰ কথিত ভাইৰেল ভিডিঅ’ শ্বেয়াৰ কৰিছে।

BJP MLA Viral Video: উত্তৰ প্ৰদেশ বিধানসভাত বিৰোধীয়ে বিজেপিক আক্ৰমণ কৰি বিজেপিৰ বিধায়কে মোবাইল ফোনত তাচ খেলি থকাৰ কথিত ভাইৰেল ভিডিঅ’ শ্বেয়াৰ কৰিছে।

BJP MLA Viral Video: উত্তৰ প্ৰদেশ বিধানসভাত বিৰোধীয়ে বিজেপিক আক্ৰমণ কৰি বিজেপিৰ বিধায়কে মোবাইল ফোনত তাচ খেলি থকাৰ কথিত ভাইৰেল ভিডিঅ’ শ্বেয়াৰ কৰিছে।

  • Share this:
উত্তৰ প্ৰদেশ বিধানসভাত বিৰোধীয়ে বিজেপিক আক্ৰমণ কৰি বিজেপিৰ বিধায়কে মোবাইল ফোনত তাচ খেলি থকাৰ কথিত ভাইৰেল ভিডিঅ’ শ্বেয়াৰ কৰিছে। আনকি এজনে সদনৰ অধিৱেশন চলি থকাৰ সময়ত ধঁপাত মিহলাই থকা ভিডিঅ’ও ভাইৰেল হৈছে। জয়ন্ত চৌধুৰী নেতৃত্বাধীন আৰ এল ডিয়ে শনিবাৰে নিজৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত এটা চুটি ক্লিপ প্ৰকাশ কৰি অভিযোগ কৰে যে মহোবাৰ সমষ্টিৰ বিজেপি বিধায়কে বিধানসভাৰ কাৰ্য্যবিধি চলি থকাৰ সময়ত মোবাইলত স্থানীয় ভাষাত ‘তিন পট্টী’ নামৰ তাচৰ খেল খেলি আছিল।

হাতৰ তলুৱাত ধঁপাত মিহলাই থকা দেখা পোৱা আন এজন বিজেপি বিধায়কৰ এটা কথিত ভিডিঅ’ও শ্বেয়াৰ কৰিছিল অখিলেশ যাদৱৰ সমাজবাদী পাৰ্টিয়ে। পিছত দুয়োটা ভিডিঅ’ দলৰ মুৰব্বীগৰাকীয়ে তেওঁৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰে। এজন ব্যক্তিয়ে তাচ খেলা দেখুওৱা ভিডিঅ’টোৰ বাবে যাদৱে মন্তব্য কৰি কয় যে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে তেওঁৰ ওপৰত কেতিয়া “নৈতিক বুলডজাৰ” ব্যৱহাৰ কৰিব।

দুয়োটা ক্লিপৰ বাবে তেওঁ বিজেপিৰ বিধায়কসকলক ধন্যবাদ জনায় যিসকলে “জনস্বাৰ্থ”ত এই ভিডিঅ’সমূহ ৰেকৰ্ডিং কৰি “ভাইৰেল কৰিছে।”

তাচ খেলৰ ভিডিঅ’টো শ্বেয়াৰ কৰি আৰ এল ডিয়ে হিন্দীত টুইট কৰি কয় যে, “বিধানসভাত ‘তিন পট্টী’ খেল খেলা এই মহাশয়জন মহোবাৰ বিজেপি বিধায়ক... তেওঁৰ এই কাৰ্য্য সদনৰ প্ৰতি তেওঁৰ অধ্যৱসায়ৰ উদাহৰণ আৰু তেওঁৰ... জনসাধাৰণৰ বিষয়বোৰ উজ্জ্বল কৰি তোলা বিধানসভাৰ সন্মানীয় সদস্যসকলৰ প্ৰতি মানসিকতা! জনসেৱাৰ ক্ষেত্ৰত বিজেপিৰ জনপ্ৰতিনিধিৰ প্ৰকৃত মুখ আৰু চৰিত্ৰ এয়া!"


ইপিনে, সমাজবাদী পাৰ্টিয়ে ধঁপাত মলিয়াই থকাৰ ভিডিঅ’টো শ্বেয়াৰ কৰি হিন্দীত টুইট কৰি কয়, ‘বিজেপিৰ বিধায়কে সদনত ‘ৰাজনীগন্ধা’ আৰু তুলসী’ (গুটকা ব্ৰেণ্ড) মিহলাই কৰ্কট ৰোগৰ প্ৰচাৰ কৰিছে। বিজেপি দল সমাজৰ বাবে কৰ্কট ৰোগতকৈ কম নহয়। যোগীজী! আপোনালোকৰ বিধায়ক-মন্ত্রীসকলে সুৰা আৰু ভাং খাবনেকি, কিছুদিনৰ পাছত সদনত? কৰ্মশালাৰ আয়োজন কৰি তাৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰেনেকি?"


উ ত্তৰ প্ৰদেশত আৰ এল ডি আৰু এছপি মিত্ৰ আৰু বিধানসভাত মূল বিৰোধী।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি