OPINION: Jharkhand Election Result-জনতাৰ ইচ্ছ্যু ‍বুজাত ব্যৰ্থ হ’ল BJP!

Tulika Devi | News18-Assam
Updated:December 23, 2019, 6:15 PM IST
OPINION: Jharkhand Election Result-জনতাৰ ইচ্ছ্যু ‍বুজাত ব্যৰ্থ হ’ল BJP!
‍প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল হোৱাটোৱে বিজেপিৰ কাৰণে এক সমস্যাৰ কাৰক হৈ পৰিছে। বিজেপিৰ ৰাজ্যিক স্তৰৰ নেতাসকলে ধৰিয়ে লৈছে যে তেওঁলোকে যি কৰিলেও শেষত মোদীৰ নামতে তেওঁলোকে নিৰ্বাচনী বৈতৰণী পাৰ হ’ব পাৰিব। 

‍প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল হোৱাটোৱে বিজেপিৰ কাৰণে এক সমস্যাৰ কাৰক হৈ পৰিছে। বিজেপিৰ ৰাজ্যিক স্তৰৰ নেতাসকলে ধৰিয়ে লৈছে যে তেওঁলোকে যি কৰিলেও শেষত মোদীৰ নামতে তেওঁলোকে নিৰ্বাচনী বৈতৰণী পাৰ হ’ব পাৰিব। 

  • Share this:
বিচাৰধাৰাৰ ফালৰ পৰা এয়া বিজেপিৰ সুৱৰ্ণ যুগ! মুছলমানসকলৰ তিনি তালাক অবৈধ ঘোষণা, কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ তথা জম্মু–কাশ্মীৰৰ পৰা পূৰ্ণ ৰাজ্যৰ ক্ষমতা কৰ্তন। ছুপ্ৰীম কৰ্টে ৰাম মন্দিৰ বনোৱাৰ অনুমতি দিছে। চৰকাৰে চুবুৰীয়া দেশৰ প্ৰতাৰিত অনা–মুছলমানসকলক ভাৰতীয় নাগৰিকত্ব দিয়াৰো আইন প্ৰণয়ন কৰিলে। ৰাষ্ট্ৰীয় NRCক লৈ চৰ্চা অব্যাহত আৰু দেশৰ মুছলমানসকল ক্ষুব্ধ, আতংকিত। অৰ্থাৎ দেশত এইসময়ত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিচাৰধাৰাৰ বুনিয়াদৰ সকলো বিষয় এইমুহূৰ্তত দেশত হৈ আছে।

কেৱল ইমানেই নহয় যে হিন্দুত্বৰ পুৰণি সপোন বাস্তৱায়িত হৈছে, শাসনত থকা দলটোৱে এই প্ৰত্যেকটো বিষয়ক নিৰ্বাচনত ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত কোনো খুঁট ৰখা নাই। ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনী সভাত কংগ্ৰেছক প্ৰত্যাহ্বান জনাই ঘোষণা কৰিবলৈ দিছিল যে তেওঁলোকে পাকিস্তানীসকলক ভাৰতীয় নাগৰিকত্ব দিবলৈ বিচাৰে নে কি? ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহে নিৰ্বাচনী প্ৰচাৰৰ সময়ত ঘোষণা কৰিছিল যে চাৰিমাহৰ ভিতৰত অযোধ্যাত গগণচুম্বী ৰাম মন্দিৰ নিৰ্মাণ কৰা হ’ব। সংযোগবশতঃ এই সময়ত দেশৰ সকলো ডাঙৰ চহৰত নতুন নাগৰিকত্ব সংশোধনী আইন আৰু প্ৰস্তাৱিত ৰাষ্ট্ৰীয় এনআৰচিৰ বিৰুদ্ধে বৃহৎ সমাৱেশ হোৱা দেখিবলৈ পোৱা গৈছে। কিন্তু এই জনসমুদ্ৰক একাষৰীয়া কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ৰামলীলা ময়দানত দেশক আশ্বস্ত কৰিছিল যে বিৰোধীয়েহে ৰাইজৰ মাজত ভ্ৰম বিয়পাই আছে।

ঝাৰখণ্ডে বিজেপিৰ পৰা কাঢ়িলে আৰু এখন ৰাজ্য

সংসদত আৰু ৰাজপথৰ দুয়োপাৰে বিজেপিৰ আক্ৰমক ভাষা আৰু উৎসাহ চাবলগীয়া আছিল। কিন্তু এই প্ৰৱল উৎসাহমুখৰ পৰিৱেশৰ মাজতে ঝাৰখণ্ডৰ নিৰ্বাচনী ফলাফল আহিল। লগে লগে দলটোৱে আন এখন ৰাজ্য হেৰুৱালে। ঝাৰখণ্ডত ইতিমধ্যে ঝাৰখণ্ড মুক্তি মৰ্চা, কংগ্ৰেছ আৰু ৰাষ্ট্ৰীয় জনতা দলৰ মিত্ৰজোঁটৰ চৰকাৰ গঠন হ’ব। বিজেপিৰ মুখ্যমন্ত্ৰী আৰু ৬জনকৈ কেবিনেট সতীৰ্থও আনকি পৰাজয়ৰ গৰাহত।

কিন্তু এইবোৰ কেনেকৈ হৈছে! ভাৰতত ছচিয়েল ইঞ্জিনিয়াৰিং, ৰাষ্ট্ৰবাদ আৰু সৰ্বপ্ৰিয় নেতা থকা বিজেপি দলে নিৰ্বাচনত কি ভুল কৰিলে। এই কথাটো বুজিবলৈ হ’লে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ যিবোৰ বিষয় সেইবোৰৰ সলনি বিৰোধীৰ ইচ্ছ্যুবোৰ মন কৰক। বিৰোধীৰ কাৰণে ৰাষ্ট্ৰীয় স্তৰত ৰাহুল গান্ধীয়ে ঝাৰখণ্ডৰ প্ৰচাৰৰ কাম কৰিছিল। ৰাহুল গান্ধীয়ে বিজেপিৰ কোনো ইচ্ছ্যু নিজৰ ইচ্ছ্যুৰূপে লোৱা নাছিল। বিজেপিৰ কোনো প্ৰশ্নৰ উত্তৰো দিয়া নাছিল।

কংগ্ৰেছে ল’লে বুনিয়াদী বিষয়
ৰাহুল গান্ধীয়ে কেতবোৰ বুনিয়াদী বিষয় ল’লে যেনে–দেশৰ বেয়া অৰ্থব্যৱস্থা, ৰঘুবৰদাস চৰকাৰৰ ওপৰত অহা ভ্ৰষ্টাচাৰৰ আৰোপ, দেশৰ বৰ্ধিত মূল্যবৃদ্ধি, বিশেষকৈ খাদ্যবস্তুৰ মূল্যবৃদ্ধি আৰু পাচলিৰ দাম। দেশত তীব্ৰগতিৰে বঢ়া নিবনুৱা সমস্যা আৰু ১৬বছৰৰ বিজেপি ৰাজত্বত ঝাৰখণ্ড দাৰিদ্ৰৰ পৰা উঠিব নোৱাৰাৰ বিষয় আছিল প্ৰধান ইচ্ছ্যু। কংগ্ৰেছ আৰু সহযোগী ঝাৰখণ্ড মুক্তি মৰ্চাই স্থানীয় বিষয়সমূহ ভালকৈ ধৰিলে আৰু নিজৰ নাও আগুৱাই লৈ গ’ল। স্বাভাৱিকতে মিত্ৰজোঁটৰ এই ইচ্ছ্যুবোৰে শিৰোনাম দখল কৰিব নোৱাৰিলে আৰু আৱেগিক হিন্দু ৰাষ্ট্ৰীয়তাবাদৰ সৈতে প্ৰতিযোগীতাও কৰিব নোৱাৰিলে, কিন্তু ভোট অৱশেষত আনিবলৈ সক্ষম হ’ল।

অতি আত্মবিশ্বাসেই কাল হ’ল বিজেপিৰ!
বিৰোধীয়ে কেৱল ইচ্ছ্যু বাচনিয়েই নহয় ৰাজনৈতিক সমীকৰণ প্ৰস্তুত কৰাৰ ক্ষেত্ৰতো সাৱধান আছিল। ‘ঝামুম’ই কংগ্ৰেছ আৰু আৰজেডিৰ সৈতে গঠবন্ধন কৰিলে। শান্তিপূৰ্ণভাৱে ছীটৰ ভাগ–বটোৱাৰা কৰিলে আৰু সম্পূৰ্ণ শক্তিৰে নিৰ্বাচনত নামিল। ইয়াৰ বিপৰীতে বিজেপি অতি আত্মবিশ্বাসত থাকিল। পাৰ্টীয়ে সৰ্বপ্ৰথম নিজৰে মন্ত্ৰী সৰয়ু ৰায়ে বাৰে বাৰে মুখ্যমন্ত্ৰী ৰঘুবৰ দাসৰ বিৰুদ্ধে কোৱা প্ৰতিটো কথা আওকাণ কৰিলে। ৰায়ে মুখ্যমন্ত্ৰীৰ ওপৰত একেৰাহে ভ্ৰষ্টাচাৰৰ অভিযোগ কৰি তেওঁৰ সলনি আন কাৰোবাক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কৰিবলৈ আহ্বান জনাইছিল। যেতিয়া তেওঁৰ কথা শুনা নহ’ল তেতিয়া  তেওঁ নিজে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হ’ল। নিৰ্বাচনৰ পূৰ্বেই এনেকৈ নিৰ্বাচনৰ আটাইতকৈ ডাঙৰ খবৰৰ সৃষ্টি হ’ল। কেৱল ৰায়ে নহয় দলৰ বহু জ্যেষ্ঠ সতীৰ্থৰ কথাও দলে নুশুনিলে। বিজেপিৰ আত্মবিশ্বাস ইমান বেছি হ’ল যে বিগত চৰকাৰত তেওঁলোকৰ সহযোগী আজসুকো তেওঁলোকে গুৰুত্বই নিদিলে। দুয়োটা দলে লোকসভা নিৰ্বাচন একেলগে খেলিছিল কিন্তু বিধানসভাত তেওঁলোকৰ গঠবন্ধন নহ’ল। এই মিত্ৰজোঁট এনেকুৱা সময়ত ভাঙিল যেতিয়া বিজেপিয়ে হাৰিয়ানা আৰু মহাৰাষ্ট্ৰত নিজৰ জোঁটবন্ধনৰ ধৰ্ম ঠিকমতে পালন কৰিব নোৱাৰাৰ মূল্য পৰিশোধ কৰি আছিল। যদি সংখ্যাৰ হিচাপত চোৱা হয় তেনেহ’লে বিজেপিৰ প্ৰায় ৩৪শতাংশ আৰু আজসুয়ে প্ৰায় ৮শতাংশ ভোট পাইছে। দুয়োটা পাৰ্টী একলগ হ’লে প্ৰায় ৪৪শতাংশ ভোট হয়। এই ভোটবেংক কংগ্ৰেছ, ‘ঝামুম’ আৰু আৰজেডিৰ ভোটবেংকৰ প্ৰায় ৮শতাংশ বেছি হয়। যদিহে বিজেপিয়ে জোঁটবন্ধন কৰিলেহেতেন তেতিয়া হয়তো ঝাৰখণ্ডৰ ফলাফল কিছু বেলেগ হ’লহেতেন। কিন্তু দলে এটা সৰু দলক উপেক্ষা কৰিলে।

মোদী চমকৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিল পাৰ্টী
কেৱল এয়াই নহয় দলে নিজৰ মুখ্যমন্ত্ৰী চেহেৰা সলনি কৰাৰ ক্ষেত্ৰতো ৰাজী নহ’ল। ৰঘুবৰ দাসক লৈ দলৰ ওচৰত নেতিবাচক ফিডবেক থকাৰ পিছতো দল আকোৰগোজ হৈ ৰ’ল। একেটাই আকোৰগোজ দলে হাৰিয়ানা আৰু মহাৰাষ্ট্ৰতো দেখাইছিল। দৰাচলতে বিজেপিৰ কাৰণে এইটো সমস্যাৰ উদ্ভৱ হৈছিল যে দলটো সম্পূৰ্ণৰূপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কৰিশ্মাৰ ওপৰত নিৰ্ভৰশীল হৈছিল। ৰাজ্যিক নেতৃত্বৰ এনে মনোভাৱ হ’বলৈ লৈছিল যেন যি উভতগোৰে নাচিলেও মোদীৰ নামে তেওঁলোকক নিৰ্বাচনী বৈতৰণী পাৰ হোৱাত সহায় কৰিব। প্ৰধানমন্ত্ৰীৰ নামে সাধাৰণতে সকলো সম্ভৱ কৰে আৰু লোকসভাত তেওঁক স্পৰ্শ কৰা সকলো সোণ হৈ পৰিছিল! কিন্তু বিধানসভা নিৰ্বাচনৰ ক্ষেত্ৰত ভোটাৰে মুখ্যমন্ত্ৰীৰ মুখলৈ চাইহে ভোট দিয়ে, গতিকে ইয়াত মোদীৰ নাম নেচেল।

গতিকে এতিয়া দলে ২০১৪চনত যিদৰে ছচিয়েল ইঞ্জিনিয়াৰিঙৰ সহায় লৈছিল সেই একেধৰণৰ ৰণনীতিৰ এতিয়া প্ৰয়োজন হ’ব। সৰু সৰু দল আৰু স্থানীয় নেতাসকলক সম্পূৰ্ণ মান–সন্মান প্ৰদান কৰি প্ৰতিটো এলেকাৰ স্থানীয় বিষয়সমূহ উত্থাপন কৰাৰ পিছত বিজেপিয়ে নিজৰ বিচাৰধাৰাৰ সৈতে বিষয়সমূহ নিৰ্বাচনত তুলিছিল। স্থানীয় আৰু ৰাষ্ট্ৰীয় বিষয়ৰ ককটেইল দলৰ কাৰণে যথেষ্ট কামৰ বুলি প্ৰমাণিত হৈছিল। বৰ্তমান ঝাৰখণ্ডত অতি আত্মবিশ্বাসেৰে বিজেপি পৰাজিত হৈছে। এতিয়া বিজেপিৰ হাতত দেশৰ মাত্ৰ তিনিখন ডাঙৰ ৰাজ্য অৰ্থাৎ উত্তৰ প্ৰদেশ, কৰ্ণাটক আৰু গুজৰাটৰ শাসনভাৰ আছে। ইয়াৰ লগতে কেতবোৰ সৰু ৰাজ্য আৰু উত্তৰ পূৱত দখল আছে। কিন্তু এতিয়া ‘কা’ক লৈ তীব্ৰ বিৰোধ হৈ আছে। গতিকে বিজেপিয়ে পৰিৱৰ্তিত প্ৰেক্ষাপটত নিজৰ বিষয়সমূহ বাচনি কৰাৰ ক্ষেত্ৰত নতুনকৈ নিশ্চয় চিন্তা কৰিব আৰু এয়া সময়ৰ আহ্বান।
(পীয়ুষ ববেলেৰ হিন্দী লেখাৰ পৰা অনুদিত)
আৰু চাওক
পৰৱৰ্তী বাতৰি