Farmers Protests Impasse Smacks of Deeper Conspiracy at Playঃ নতুন আইনকেইখনৰ এককভাৱে এটাই লক্ষ্য। ক্ষুদ্ৰ কৃষকসকলক মাণ্ডি তথা মধ্যভোগীৰ পৰা মুক্তি দিয়া। যিসকলে কেবাদশক ধৰি কৃষকৰ ভূমি হাইজেক কৰি ৰাখিছে তথা তেওঁলোকক শোষণ কৰিছে তেওঁলোকৰ পৰা কৃষকসকলক নিস্তাৰ দিয়া। ইয়াৰ ফলত কৃষকসকল বঞ্চনাৰ চিকাৰ হৈ আহিছে। সেই হতাশাৰ মাজতে সংঘটিত হৈছে কৃষকৰ আত্মহত্যাৰ দৰে ঘটনাও।
একাধিক চাৰ্ভেৰ পৰা এটা কথা স্পষ্ট হৈছে যে দেশজুৰি বেছিভাগ কৃষক সংগঠনে নতুন আইনসমূহৰ প্ৰশংসা কৰিছে। নতুন আইনসমূহৰ সপক্ষে বেছিভাগ সংগঠনে মত দিছে। দীর্ঘদিনৰ এই বিক্ষোভ চলি থকাৰ সময়ত কৃষকসকলক উচতোৱাৰ ক্ষেত্ৰত চীনৰ স্বাৰ্থ কিমান জৰিত হৈ আছে সেয়া চাব লাগিব।
এটা কথা কাৰোৰে বুজিবলৈ বাকী নাই যে মহামাৰীৰ পৰৱৰ্তী সময়ত বিশ্বজুৰি চীনৰ 'দস্যু' সুৰক্ষা স্কেনাৰৰ তললৈ আহিছে। ভাৰত, মার্কিন যুক্তৰাষ্ট্র, কানাডা, ব্রিটেইন, অষ্ট্ৰেলিয়া তথা জাপানৰ দৰে উন্নত তথা উন্নয়নশীল দেশত চীনৰ সা–সৰঞ্জাম বিক্ৰী আৰু বিনিয়োগৰ ক্ষেত্ৰত হস্তক্ষেপ কৰিবলৈ বিচৰা হৈছে যাতে চীনৰ ফাইভ–জি আৰু প্ৰযুক্তি সৰবৰাহ কৰিব পৰা যায়।
ভাৰতৰ বজাৰত চীনৰ এপ্লিকেশ্যন তথা বিনিয়োগ নিষিদ্ধ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ ভূমিকা কঠোৰ। ইয়াৰ ফলত চীনৰ ব্যৱসায় আৰু সম্ভাৱনা পূৰ্ণ ক্ষেত্ৰ ক্ষতিগ্ৰস্ত হৈছে। ভাৰতে অনান্য দেশক সাহায্য লৈও চীনক একাশৰীয়া কৰাৰ প্ৰচেষ্টা চলাইছে। ভালকৈ চালে দেখা যাব যে কৃষকসকলৰ মাজত চীনা তথা আন্তঃদেশীয় লিংকসমূহে চৰকাৰৰ যুগান্তকাৰী সংস্কাৰসমূহ ব্যৰ্থ কৰাৰ কাৰণে চীনৰ নিৰ্দেশত মেক্ৰ’ তথা মাইক্ৰ’ স্তৰত যান্ত্ৰিক পদক্ষেপ লোৱা হৈছে।
চীনৰ মূলধাৰাৰ অংশীদাৰ, কৃষিৰ জনসংখ্যা তথা বিভাগ আৰু বিৰোধিতাৰ বিৰুদ্ধে মতবিৰোধ সৃষ্টি কৰি চীনৰ দ্বাৰা বহিৰাগত বাহিনী সৃষ্ট বাধাৰ উগ্র প্রচেষ্টা অব্যাহত ৰখাৰ যথাযথ অপচেষ্টা চলিছে। মহামাৰীৰ পৰৱর্তী সময়ত ভাৰতৰ প্রযুক্তি তথা দক্ষতা বৃদ্ধিয়ে বিশ্বজুৰি স্পষ্ট বার্তা দিছে৷ ভাৰতীয় শিল্পৰ বিকাশ ঘটিছে৷ ভাৰতৰ ফাইভজি বিপ্লৱক বিচ্ছিন্ন কৰাৰ এক সুনির্দিষ্ট উদ্দেশ্যৰে চীনে ভাৰতীয় শিল্পৰ অপপ্রচাৰো কৰিছে। গেম-প্লেনলৈ মন কৰিলে দেখা যায় যে জটিল সমাজ বিৰোধী শক্তি তথা তথাকথিত মতাদর্শগত বিৰোধী দলসমূহে এই কৃষকসকলৰ প্ৰতি কেবা দশকৰ পিছত দেখুৱা সহানুভূতি আৰু যত্নৰ চেষ্টা একাশৰীয়া কৰি দেশৰ সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক কাঠামোক দুর্বল কৰিবলৈ বিভিন্ন বিকল্প বিচাৰি উলিয়াইছে। নতুন কৃষিনির্ভৰ আইন গঠনৰ শুভ অভিপ্রায়ক পর্যালোচনা কৰিছে তথা জনসাধাৰণক বিপথে পৰিচালিত কৰিছে।
(লেখক ডঃ নিশাকান্ত ওঝা, চাইবাৰ চিকিউৰিটি এণ্ড কাউন্টাৰ টেৰৰিজমৰ (পশ্চিম এচিয়া তথা মধ্য প্রাচ্য) পৰামর্শদাতা। মতামত তেওঁৰ একান্ত ব্যক্তিগত।)FIRST PUBLISHED : December 29, 2020, 18:49 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|