• Home
  • »
  • News
  • »
  • nation
  • »
  • OPINIONঃ ডাঙৰ উদ্যোগসমূহ সঁচাকৈ বেয়া নে কৃষক বিক্ষোভৰ আঁৰত তেওঁলোকক সহজ লক্ষ্য কৰি লোৱা হৈছে?

OPINIONঃ ডাঙৰ উদ্যোগসমূহ সঁচাকৈ বেয়া নে কৃষক বিক্ষোভৰ আঁৰত তেওঁলোকক সহজ লক্ষ্য কৰি লোৱা হৈছে?

কৃষি ক্ষেত্ৰৰ ভিলেইন হিচাপে দেশৰ মুখ্য উদ্যোগক প্ৰতিষ্ঠা কৰা হৈছে। কৃষক বিদ্ৰোহৰ সাৰমৰ্ম এতিয়া এয়াই ওলায়।

কৃষি ক্ষেত্ৰৰ ভিলেইন হিচাপে দেশৰ মুখ্য উদ্যোগক প্ৰতিষ্ঠা কৰা হৈছে। কৃষক বিদ্ৰোহৰ সাৰমৰ্ম এতিয়া এয়াই ওলায়।

কৃষি ক্ষেত্ৰৰ ভিলেইন হিচাপে দেশৰ মুখ্য উদ্যোগক প্ৰতিষ্ঠা কৰা হৈছে। কৃষক বিদ্ৰোহৰ সাৰমৰ্ম এতিয়া এয়াই ওলায়।

  • Share this:
দিল্লীঃ কৃষক বিদ্ৰোহৰ সাৰমৰ্ম উলিয়ালে যি দেখা যায় তাত ভাৰতীয় উদ্যোগ ক্ষেত্ৰৰ প্ৰধান মুখ যি তাকেই ভিলেইন হিচাপে প্ৰতিষ্ঠা কৰা হৈছে। তিনিখন নতুন কৃষি আইনৰ বিৰোধিতাৰে যোৱা ২৫ ছেপ্তেম্বৰত ভাৰত বন্ধৰ জৰিয়তে যি বিক্ষোভৰ সূত্ৰপাত হৈছিল তাৰ জৰিয়তে মূল শত্ৰু হিচাপে দুই উদ্যোগ গোষ্ঠীক চিহ্নিত কৰি পেলোৱা হৈছে–আম্বানী তথা আদানী।

বিৰোধী দলৰ ৰাজনৈতিক নেতাৰ পৰা আৰম্ভ কৰি ছচিয়েল মিডিয়াৰ আলোচনাত যি উঠিছে তাৰ মূল কথা এটাই যে নতুন কৃষি আইন কেৱল কৃষক বিৰোধীয়ে বৰং এই তিনিখন আইনৰ জৰিয়তে আম্বানী তথা আদানী উদ্যোগৰ স্বাৰ্থসিদ্ধি কৰিবলৈ বিচৰা হৈছে। এফালে এই দুই উদ্যোগৰ ভাৱমূৰ্তি নষ্ট কৰি জনমানসত উত্থাপন কৰা হৈছে আনহাতে কেবাখনো ৰাজ্যত কৃষক বিদ্ৰোহৰ নামত কোম্পানীৰ বিভিন্ন সেৱা কেন্দ্ৰ, আউটলেট, পৰিকাঠামো ধ্বংস কৰি তাণ্ডৱ চলোৱা হৈছে। লুধিয়ানাত ৰিলায়েন্সৰ চুপাৰষ্টৰ লণ্ড–ভণ্ড কৰা হৈছে, ক’ৰবাত পেট্ৰ’ল পাম্প দখল কৰাৰ চেষ্টা কৰা হৈছে। কেতিয়াবা আকৌ মোগা জিলাত থকা আদানীৰ শস্য সংৰক্ষণ কেন্দ্ৰ দখলৰ চেষ্টা কৰা হৈছে।

নতুন তিনিখন কৃষি আইনে ডাঙৰ ডাঙৰ কোম্পানীসমূহক কৃষকৰ পৰা পোনে পোনে শস্য ক্ৰয় কৰা অধিকাৰ দিয়াৰ কথাৰে বিভিন্ন অপপ্ৰচাৰ চলিছে। লগতে একেসময়তে এই দাবী কৰা হৈছে যে এই আইনৰ বলেৰে নিজৰ খুচিমতে যিমান ইচ্ছা সিমান শস্য মজুত ৰাখিব পাৰে ডাঙৰ কোম্পানীসমূহে। সমাজৰ সম্পদশালীসকলৰ হাতত দুৰ্বলসকল শোষিত হোৱাৰ চিৰাচৰিত ধাৰণাৰ আলমত এই উচতনি দি প্ৰচাৰ কৰা হৈছে। লগতে দাবী কৰা হৈছে বৃহৎ কোম্পানীসমূহে চুক্তিৰ জৰিয়তে ক্ষুদ্ৰ কৃষকসকলক নিয়ন্ত্ৰণ কৰিব। কেৱল ইমানেই নহয় এই সংস্থাসমূহৰ লাভৰ অংকৰ ওপৰত নিৰ্ভৰ কৰিব সাধাৰণ মানুহে কি খাব? লগতে ইমানলৈে কোৱা হৈছে যে ডাঙৰ কোম্পানীসমূহক বেংকে চকুমুদি ঋণ দিব কেৱল সেয়া কাৰ্যকৰী কৰিবলৈ।

সমান্তৰালভাৱে নৰেন্দ্ৰ মোদীৰ ৰাজনৈতিক উত্থানক খুব সহজে আদানী গোষ্ঠীৰ অগ্ৰগতিৰ সৈতে মিলাই দিয়া হৈছে। কিন্তু কেনেকৈ এজন কলেজীয়া শিক্ষা অসম্পূৰ্ণ কৰি এৰা ব্যক্তিয়ে আন্তঃৰাষ্ট্ৰীয় মান সম্পন্ন উদ্যোগ গঢ়ি তুলিলে সেই অবিশ্বাস্য যাত্ৰাপথ হয়তো বহুতেই নাজানে। ১৯৯৮চনত গুজৰাটৰ কচ্ছ অঞ্চলৰ পিছ পৰা এলেকাত বন্দৰ তৈয়াৰ কৰাৰ কাৰণে বিনিয়োগ কৰিছিল আদানী গোষ্ঠীয়ে তেতিয়া সেই বন্দৰৰ ভৱিষ্যতক লৈ বহুতেই আশাবাদী নাছিল। ইয়াৰ কাৰণ আছিল নিচেই সমীপত থকা চৰকাৰী এক বন্দৰ। কিন্তু সেই প্ৰতিকূলতাক নেওচি মুন্দ্ৰাত উদ্যোগ তথা লজিষ্টিকচ পৰিকাঠামো তৈয়াৰ কৰাৰ যি সফলতা সেয়া কোনোপধ্যে অস্বীকাৰ কৰা নাযায়। এয়া সহজে অনুকৰণ কৰিবও পৰা নাযায়।

একে ধৰণে ২০১৬বৰ্ষত আত্মপ্ৰকাশ কৰা জিঅ’ৰ উল্কাসম উত্থান ঘটিছে। এফালে যদি জিঅ’ই ৪০ কোটি গ্রাহকক সংযুক্ত কৰিব পাৰিছে একেসময়তে লাহে–ধীৰে মুখ ঠেকেচা খাই পৰিছে ৰাষ্ট্ৰীয়কৃত কোম্পানী বিএছএনএল। এইক্ষেত্রত বেচৰকাৰী কর্প’ৰেট সংস্থাক সুবিধা কৰি দিয়াৰ কেন্দ্ৰীয় নীতি সলনি কৰাৰ অভিযোগ কৰা হৈছে কিন্তু জিঅ’ৰ কাহিনী অসামান্য দূৰদৃষ্টি, প্ৰযুক্তিগত উচ্চাকাংক্ষা, দ্ৰুত গতিত পৰিকাঠামো নিৰ্মাণ তথা একেসময়তে ইণ্টাৰনেট নিৰ্ভৰ ব্যৱসায়িক পৰিমণ্ডল তৈয়াৰ কৰাৰ শ্ৰেষ্ঠ উদাহৰণ।

সকলো ধন কুবেৰৰ উদ্দেশ্য যে সৎ সেয়া নহয়। কিন্তু তেনেধৰণৰ মানুহ সমাজৰ প্ৰতিটো স্তৰত থাকে। কিন্তু ডাঙৰ ডাঙৰ শিল্প উদ্যোগসমূহ যেনেকৈ তৈয়াৰ কৰা হয় সিয়ে সমাজৰ প্ৰয়োজনসমূহ যথাসম্ভৱ সঠিকভাৱে পূৰণ কৰাত সম্ভৱ। ক্ষুদ্ৰ ক্ষুদ্ৰ কোম্পানীসমূহৰ তুলনাত ডাঙৰ কোম্পানীসমূহে ধাৰাবাহিক ভাৱে কৰ্মসংস্থাপন তৈয়াৰ কৰাত সক্ষম। ডাঙৰ সংস্থাসমূহৰ ওপৰত বহু ক্ষুদ্ৰ সংস্থাৰ সাফল্য তথা টিকি থকাটো নিৰ্ভৰ কৰে।

ডাঙৰ উদ্যোগসমূহৰ সকলোতকৈ ডাঙৰ সুবিধা হ’ল নিজ নিজ ক্ষেত্ৰত এইসমূহে যি কাম কৰে সেয়া আনৰ পক্ষে কৰা সম্ভৱ নহয়। সেয়া লাগে টিচিএছ বা ইনফ’ছিছৰ প্ৰস্তুত কৰা ছফটৱেৰ হওক বা ৰিলায়েন্সৰ জামনগৰ প্লাণ্টৰ তৈল শোধনাগাৰ। একে কথা কোৱা হয় আদানী গোষ্ঠীৰ বিমান বন্দৰ বা বন্দৰ পুনর্গঠনৰ ক্ষেত্রত, বা মহিন্দ্রা তথা টাটা গ্ৰুপৰ বিদ্যুৎ চালিত যানবাহন তৈয়াৰ কৰা উদ্যোগক উদাহৰণ হিচাপে তুলি ধৰা যায়। অথবা কেনেকৈ ৰিলায়েন্স ভাৰতে খুচুৰা বজাৰৰ আধুনিকীকৰণ কৰিছে সেয়া বা কি কম?

বৃহৎ কোম্পানীসমূহ অতিমাৰীৰ মাজতো আৰু জাতিষ্কাৰ হৈছে। ধনীসকল আৰু সম্পদশালী হৈছে, কেনেকৈ এয়া সম্ভৱ হ’ল সেয়া ভাবি আমাৰ বহুতৰে চুলি সৰিল। কিন্তু এই কথা অস্বীকাৰ কৰিব পৰা যায় নে কি যে বেচৰকাৰী কোম্পানীসমূহে উদ্ভাৱন তথা নতুন উদ্যোগক উৎসাহ যোগাইছে।

গুজৰাট মডেলৰ উন্নয়নৰ সাফল্যৰ ওপৰত ভিত্তি কৰি ক্ষমতালৈ আহিছিল নৰেন্দ্ৰ মোদী। আৰু এই মডেল আছিল উদ্যোগ কেন্দ্ৰিক। গুজৰাটী ব্যৱসায়ীসকলেও এই কাৰণে বিশেষ দৃষ্টি আকৰ্ষণ কৰিছিল। নৰেন্দ্ৰ মোদী চৰকাৰে উদ্যোগমুখী যি নীতিসমূহ গ্ৰহণ কৰিছে তাৰে ভাৰতৰ কৰ্প’ৰেট জগত ৰাজনৈতিক অনুগ্ৰহ পুষ্ট হৈছে এই ধাৰণা সহজে প্ৰতিষ্ঠা কৰা সম্ভৱ হৈছে।

ৰাজনৈতিকভাৱে এনে হোৱাটো সঁচাকৈ কাম্য নহয়। কিন্তু বর্তমান ভাৰত এইটোৱে প্ৰয়োজন। দেশৰ অৰ্থনৈতিক বৃদ্ধি তথা উন্নতিত গতি আনিবলৈ বেচৰকাৰী ক্ষেত্ৰ ৰঙা ফিঁটাৰ মেৰপেচৰ পৰা বাহিৰ কৰিবই লাগিব। উদ্যম তথা উদ্ভাৱনী শক্তিৰ সৈতে অর্থনীতিৰ সংঘাত নঘটিলে জাতীয় স্তৰত প্রতিদ্বন্দ্বিতা তৈয়াৰ হ’ব, একে লগতে তৈয়াৰ হ’ব কৰ্মসংস্থাপন, বাঢ়িব জনমুৰি আয়। চৰকাৰী সাহায্য লৈ লৈ একাধিপত্য প্ৰতিষ্ঠা কৰা ৰাষ্ট্ৰীয়কৃত কোম্পানীসমূহৰ সৈতে বেচৰকাৰী সংস্থাসমূহৰ এই প্ৰতিযোগিতামূলক বজাৰৰ পৰিৱেশ তৈয়াৰ হোৱা এক প্ৰৱাহমান প্ৰক্ৰিয়া য’ত খুব কমসংখ্যক উদ্যোগহে টিকি থাকিব পাৰে। এইটোৱে প্রকৃতি তথা ব্যবসায়ৰ নিয়ম৷ ভাৰতীয় উদ্যোগক্ষেত্ৰৰ আচল পৰীক্ষা সমগ্ৰ  বিশ্বকে জয় কৰা, ঠিক যেনেকৈ এপল, চেমছাং, টেছলা, আমাজন, হুৱেই তথা অন্যান্য বিদেশী কোম্পানীসমূহে কৰি আছে। গতিকে এই প্ৰক্ৰিয়াটোক যিমান বেয়াকৈ প্ৰক্ষেপ কৰা হৈছে সিমানো বেয়া নহয়।

লেখকঃ Sanjeeva Shivesh

(লেখক The Entrepreneurship School- ৰ প্রতিষ্ঠাতা, মতামত ব্যক্তিগত)
First published: