আজি কাৰ্গিল বিজয় দিৱস, অপাৰেচন বিজয় দিৱসৰ ২০ বছৰ সম্পূৰ্ণ

কাৰ্গিল বিজয় দিৱস উপলক্ষে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে সেনা বাহিনীৰ বীৰত্বক স্মৰণ কৰি শ্বহীদ জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

News18-Assam
Updated:July 26, 2019, 9:01 AM IST
আজি কাৰ্গিল বিজয় দিৱস, অপাৰেচন বিজয় দিৱসৰ ২০ বছৰ সম্পূৰ্ণ
কাৰ্গিল বিজয় দিৱস উপলক্ষে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে সেনা বাহিনীৰ বীৰত্বক স্মৰণ কৰি শ্বহীদ জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
News18-Assam
Updated: July 26, 2019, 9:01 AM IST
আজি ২০ বছৰ সম্পূৰ্ণ হ’ল কাৰ্গিল বিজয় দিৱসৰ। ১৯৯৯ চনৰ ২৬ জুলাইত কাৰ্গিল যুদ্ধত জয়লাভ কৰিছিল ভাৰতে। সেয়েহে প্ৰতিবছৰে ২৬ জুলাইৰ দিনটো পালন কৰা হয় বিজয় দিৱস হিচাপে। কাৰ্গিল বিজয় দিৱস উপলক্ষে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে সেনা বাহিনীৰ বীৰত্বক স্মৰণ কৰি শ্বহীদ জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও টুইট কৰি ভাৰত মাতৃৰ বীৰ পুত্ৰসকলক স্মৰণ কৰে।



টুইটাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লিখিছে – ‘১৯৯৯ চনত কাৰ্গিল যুদ্ধৰ সময়ত মই কাৰ্গিললৈ যোৱাৰ সুবিধা পাইছিলো। তাত মই বীৰ জোৱানসকলৰ একতা দেখিছিলো। সেই সময়ত মই জম্মু–কাশ্মীৰ আৰু হিমাচলত দলৰ বাবে কাম কৰি আছিলো। কাৰ্গিলৰ এই যাত্ৰা আৰু সেনা বাহিনীৰ সৈতে বাৰ্তালাপ কেতিয়াও পাহৰিব নোৱাৰো।’



১৯৯৯ চনত ভাৰত আৰু পাকিস্তানৰ মাজত হৈছিল কাৰ্গিল যুদ্ধ। পাকিস্তানী সেনাই নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰি ভাৰত ভূমি দখল কৰিছিল। তাৰ পিছতে ভাৰতে ‘অপাৰেচন বিজয়’ চলাই খেদি পঠিয়াইছিল পাকিস্তানী সেনাক।

কাৰ্গিলত ৫২৭জন ভাৰতীয় সেনা শ্বহীদ হৈছিল। প্ৰায় ১৩৬৩জন সেনা জোৱান আহত হৈছিল এই যুদ্ধত। এই যুদ্ধত পাকিস্তানৰ প্ৰায় ৩০০০ জোৱানৰ মৃত্যু হৈছিল। উল্লেখযোগ্য যে ১৪ জুলাইত তদানীন্তন প্ৰধানমন্ত্ৰী অতল বিহাৰী বাজপেয়ীয়ে কাৰ্গিল যুদ্ধৰ বিজয় ঘোষণা কৰিছিল, কিন্তু আনুষ্ঠানিকভাৱে ২৬ জুলাইৰ দিনটো কাৰ্গিল বিজয় দিৱস হিচাপে ঘোষণা কৰা হৈছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি