বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / দেশ / Explained: দেশত মাথোঁ ১ শতাংশ লোকেহে সম্পূৰ্ণৰূপে গ্ৰহণ কৰিছে Covid-19 Vaccine, তেন্তে কিয় হৈছে নাটনি?

Explained: দেশত মাথোঁ ১ শতাংশ লোকেহে সম্পূৰ্ণৰূপে গ্ৰহণ কৰিছে Covid-19 Vaccine, তেন্তে কিয় হৈছে নাটনি?

Explained: দেশত মাথোঁ ১ শতাংশ লোকেহে সম্পূৰ্ণৰূপে গ্ৰহণ কৰিছে Covid-19 Vaccine, তেন্তে কিয় হৈছে নাটনি?

চৰকাৰী তথ্য মতে দেশত এতিয়ালৈ প্ৰায় ১০ কোটি ৭০ লক্ষ পালি ভেকচিন প্ৰদান কৰা হ’ল।

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

সমগ্ৰ দেশতে পুনৰ Covid-19-এ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। এনে পৰিস্থিতিত দ্ৰুতগতিত প্রতিষেধক প্ৰদান এই মহামাৰীৰ পৰা পৰিত্ৰাণ পোৱাৰ এক অন্যতম উপায় হিচাপে পৰিগণিত হৈছে। কিন্তু দেশত ১২ এপ্ৰিললৈকে মাথোঁ ১ শতাংশ লোকেহে প্রতিষেধকৰ বাধ্যতামূলক দুয়োটা পালি গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। এতিয়ালৈকে প্ৰায় ১ কোটি ৩০ লাখ লোকেহে দুই পালি ল’বলৈ সক্ষম হৈছে। যদিও ভাৰতবৰ্ষই বিশ্বত ১০ কোটিতকৈ অধিক প্ৰতিষেধক প্রদান কৰা তৃতীয়খন দেশ হিচাপে খ্যাতি লাভ কৰিছে কিন্তু এতিয়াও ৯৯ শতাংশ লোকে Covishield আৰু Covaxinৰ দুইটা পালি ল’ব পৰা নাই।

বিজ্ঞাপন

চৰকাৰী তথ্য মতে দেশত এতিয়ালৈ প্ৰায় ১০ কোটি ৭০ লক্ষ পালি ভেকচিন প্ৰদান কৰা হ’ল। প্ৰায়ে ৮ কোটি লোকে ভেকচিন প্ৰথম পালি লৈ দ্বিতীয় পালিৰ কাৰণে অপেক্ষা কৰি আছে। তাৰ মাজতে দেশৰ অতি কমেও ১০খন ৰাজ্যই ভেকচিনৰ নাটনি হোৱাৰ পূৰ্বানুমান  কৰি কেন্দ্রলৈ পত্ৰ প্ৰেৰণ কৰিছে।

অসমতো অতি সম্প্ৰতি ভেকচিনৰ নাটনিয়ে দেখা দিছে। বিভিন্ন লোকে ভেকচিন গ্ৰহণ কৰিবলৈ গৈ ভেকচিন কেন্দ্রৰ পৰা নিৰাশ হৈ উভতি আহি সামাজিক মাধ্যমত অন্যৰ জ্ঞাতাৰ্থে এই কথা সদৰি কৰা পৰিলক্ষিত হৈছে। অসমলৈ কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিছিল প্ৰায় ১৮লক্ষ ভেকচিন। ইয়াৰে ৮.৭শতাংশ নষ্ট হৈছে। প্ৰায় ১৬ লাখ ৪৫ হাজাৰ ভেকচিন প্ৰদান কৰা হৈছে। মজুত আছে মাত্ৰ ১ লাখ ৪০ হাজাৰ ভেকচিন। চৰকাৰে প্ৰেৰণ কৰিব অতিৰিক্ত ৮ লাখ ভেকচিন। ৩ কোটিৰো অধিক জনসংখ্যাৰ এখন ৰাজ্যত এই পৰিমাণ অতি নগণ্য।

উল্লেখযোগ্য যে, Observer Research Foundation–এ প্ৰকাশ কৰা তথ্য অনুসৰি ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠান ক্ৰমে Bharat Biotech আৰু Serum Institute of Indiaই মার্চ মাহলৈকে ৩১ কোটি ৬০ লক্ষ ভেকচিন প্ৰস্তুত কৰিছে। ইয়াৰে ৬ কোটি ৪৫ লাখ ভেকচিন ভাৰতে বিদেশলৈ প্ৰেৰণ কৰিছে। অলপতে Serum Institute–এ সংবাদ মাধ্যমত প্ৰকাশ কৰা মতে প্ৰতিষ্ঠানটোৱে এমাহত ১০ কোটি ভেকচিন প্ৰস্তুত কৰিব পাৰিব।

বিজ্ঞাপন

আনহাতে ভাৰতবৰ্ষই জুলাইৰ ৩১ তাৰিখৰ ভিতৰত ২৫কোটি লোকক ভেকচিন প্ৰদান কৰাৰ যি লক্ষ বান্ধি লৈছে তাত উপনীত হ’বলৈ প্ৰতিদিনে ৩৫ লক্ষ লোকক প্ৰতিষেধক প্ৰদান কৰিব লাগিব। এতিয়া মাথোঁ ১৮ লাখ লোককহে প্ৰতিদিনে ভেকচিন প্ৰদান কৰি থকা হৈছে।

অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন