• Home
  • »
  • News
  • »
  • nation
  • »
  • Online Sex Racket: গ্ৰাহকৰ বেশত গৈ আৰক্ষীয়ে ধৰিলে দেহব্যৱসায়ী চক্ৰ, Whatsappৰে চলাইছিল ব্যৱসায়

Online Sex Racket: গ্ৰাহকৰ বেশত গৈ আৰক্ষীয়ে ধৰিলে দেহব্যৱসায়ী চক্ৰ, Whatsappৰে চলাইছিল ব্যৱসায়

ছোৱালী যোগানৰ নামত গ্ৰাহকৰ পৰা লৈছিল ৫০০০ৰ পৰা ২০,০০০ টকা।

ছোৱালী যোগানৰ নামত গ্ৰাহকৰ পৰা লৈছিল ৫০০০ৰ পৰা ২০,০০০ টকা।

ছোৱালী যোগানৰ নামত গ্ৰাহকৰ পৰা লৈছিল ৫০০০ৰ পৰা ২০,০০০ টকা।

  • Share this:

দেহ ব্যৱসায়ীৰ বিৰুদ্ধে বৃহৎ সফলতা লাভ দিল্লীৰ নয়দা আৰক্ষী (Noida Police)ৰ। আৰক্ষীয়ে হোৱাটছএপৰ জৰিয়তে অনলাইন কল গাৰ্ল (Call Girls Sex Racket) যোগান ধৰি যৌন ৰেকেট চলাই থকা এটা আন্তৰাষ্ট্ৰীয় দেহব্যৱসায়ী চক্ৰক ধৰা পেলায়।


বাতৰি অনুসৰি, নয়দা আৰক্ষীৰ এএছটিইউৰ দলে চি-৮১ চেক্টৰ ৫৬ৰ অতিথিশালাৰ ওচৰৰ পৰা গ্ৰেপ্তাৰ কৰে দুগৰাকী মহিলাসহ আন দুজনক। ডিচিপি বৃন্দা শুক্লাই কয় যে আৰক্ষীয়ে হোৱাটছএপৰ জৰিয়তে কল গাৰ্ল যোগান ধৰি যৌন ৰেকেট চলাই থকা এটা দলৰ বিষয়ে তথ্য লাভ কৰিছিল। ইয়াৰ পিছত আৰক্ষীৰ এএছটিইউৰ দলে গ্ৰাহকৰ ৰূপত ছেক্টৰ ৫৬ৰ এটা অতিথিশালালৈ দুই যুৱতীক মাতে। সেইমতে অহা দুই যুৱতী আৰু তেওঁলোকক গাড়ীৰে লৈ অহা দুগৰাকী লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।


আৰক্ষীৰ জেৰাত অভিযুক্তদ্বয়ে কয় যে হোৱাটছএপৰ জৰিয়তে চুক্তি সম্পূৰ্ণ হোৱাৰ পিছত হোৱাটছএপ নম্বৰৰ জৰিয়তে গ্ৰাহকৰ সৈতে কথা পাতি ঠিকনা লোৱা হয় আৰু ছোৱালীবোৰক গাড়ীৰে নিৰ্ধাৰিত ঠিকনালৈ লৈ যোৱা হয়। উল্লেখ্য ইয়াৰ বিনিময়ত গ্ৰাহকৰ পৰা ৫০০০ৰ পৰা ২০,০০০ টকা লোক দুগৰাকীয়ে সংগ্ৰহ কৰে আৰু ছোৱালীসকলক গ্ৰাহকে ১৫০০ টকাকৈ দিয়ে। আৰক্ষীয়ে ঘটনাত ব্যৱহাৰ কৰা এখন গাড়ী, মোবাইল ফোন আৰু নগদ ২৪,৯৩০টকা উদ্ধাৰ কৰিছে।


সম্প্ৰতি আৰক্ষীয়ে এই গেংটোৰ বাকীসকল সদস্যক বিচাৰি আছে। উল্লেখ্য, আজি গ্ৰেপ্তাৰ কৰা মহিলা দুগৰাকীৰ এগৰাকী নেপালৰ আৰু আনগৰাকী কলকাতাৰ।

Published by:Gautam Barman
First published: