কোৰোণা ভাইৰাছৰ ভয়ত অনলাইনতে বিয়া, ভিডিঅ’ কলত দৰা–কইনা

News18 Assam | News18-Assam
Updated:March 17, 2020, 2:10 PM IST
কোৰোণা ভাইৰাছৰ ভয়ত অনলাইনতে বিয়া, ভিডিঅ’ কলত দৰা–কইনা
ধুমধামেৰে কৰা হৈছিল আয়োজন। কিন্তু কেণা লগালে কোৰোণা ভাইৰাছে।

ধুমধামেৰে কৰা হৈছিল আয়োজন। কিন্তু কেণা লগালে কোৰোণা ভাইৰাছে।

  • Share this:
সমগ্ৰ বিশ্বতে এতিয়া কোৰোণা ভাইৰাছৰ আতংক। কোৰোণাৰ পৰা পৰিত্ৰাণ পাবলৈ গ্ৰহণ কৰা হৈছে বিভিন্ন ব্যৱস্থা। কিন্তু এইবাৰ বিবাহ মণ্ডপতো দেখা গ’ল কোৰোণাৰ আতংক। কোৰোণাৰ ভয়ত কইনা ঘৰলৈ নাহিল দৰা। অনলাইনতে সম্পন্ন হ’ল বিয়া।

ভিডিঅ’ কলৰ জৰিয়তেই চলিল ইজাবে কবুল তথা নিকাহ পৰ্ব। ডিজিটেল যুগত ডিজিটেল বিয়া। বিয়াখনক লৈ আনন্দিত দৰা–কইনাৰ পৰিয়াল। ঘটনাটো তেলেংগানাৰ কট্টাগুদামৰ।

দৰা এম বি এ, ৫ বছৰ ধৰি থাকে চৌদি আৰৱত। বিয়াৰ বাবে দেশলৈ উভতি অহাৰ কথা। ধুমধামেৰে কৰা হৈছিল আয়োজন। কিন্তু কেণা লগালে কোৰোণা ভাইৰাছে।



বিদেশৰ পৰা ওভতাৰ ক্ষেত্ৰত দেখা দিলে বাধাই। দেশলৈ উভতিলেও নানা বাধা–নিষেধ কোৰোণাৰ বাবে। সেয়ে, ঘৰলৈ অহা নহ’ল দৰাৰ।



কিন্তু বিয়া পিছুৱাবলৈ অমান্তি দুয়োটা পৰিয়াল। সেয়েহে, সকলোৰে সহমতত অনলাইনতে বিয়া সম্পন্ন কৰাৰ সিদ্ধান্ত লোৱা হ’ল। ডিজিটেল যুগত ইণ্টাৰনেটৰ ওপৰত ভৰসা ৰাখিলে সকলোৱে। মুখত হাঁহি বিৰিঙিল দৰা–কইনাৰ।
First published: March 17, 2020, 2:10 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading