• Home
  • »
  • News
  • »
  • nation
  • »
  • ২৫ মে’ৰ পৰা আৰম্ভ হ’ব ঘৰুৱা বিমানসেৱা, ইণ্ডিগ'ৰ অনলাইন টিকটৰ বুকিং আৰম্ভ

২৫ মে’ৰ পৰা আৰম্ভ হ’ব ঘৰুৱা বিমানসেৱা, ইণ্ডিগ'ৰ অনলাইন টিকটৰ বুকিং আৰম্ভ

ইণ্ডিগ'ৰ লগতে আজিৰ দিনটোতে দুপৰীয়াৰ ভাগৰ পৰা এয়াৰ ইণ্ডিয়াৰো বুকিং আৰম্ভ হৈছে ঘৰুৱা বিমান সেৱাৰ।

ইণ্ডিগ'ৰ লগতে আজিৰ দিনটোতে দুপৰীয়াৰ ভাগৰ পৰা এয়াৰ ইণ্ডিয়াৰো বুকিং আৰম্ভ হৈছে ঘৰুৱা বিমান সেৱাৰ।

ইণ্ডিগ'ৰ লগতে আজিৰ দিনটোতে দুপৰীয়াৰ ভাগৰ পৰা এয়াৰ ইণ্ডিয়াৰো বুকিং আৰম্ভ হৈছে ঘৰুৱা বিমান সেৱাৰ।

  • Share this:
২৫ মে’ৰ পৰা আৰম্ভ হ’ব ঘৰুৱা বিমান সেৱা। দুটা মাহৰ পিছত আৰম্ভ হ’বলগীয়া এই বিমান সেৱাৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে কৰ্তৃপক্ষই। কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰৰ দিনটোত নিৰ্ধাৰণ কৰি দিছে টিকটৰ মূল্য। তাৰ পিছতে শুকুৰবাৰে ইণ্ডিগ'ই ৫১খন চহৰৰ বাবে বুকিং আৰম্ভ কৰিলে অনলাইন টিকটৰ।

ইণ্ডিগ'ৰ লগতে আজিৰ দিনটোতে দুপৰীয়াৰ ভাগৰ পৰা এয়াৰ ইণ্ডিয়াৰো বুকিং আৰম্ভ হৈছে ঘৰুৱা বিমান সেৱাৰ। ইণ্ডিগ’ আৰু এয়াৰ ইণ্ডিয়াৰ বাদে আন বিমানৰ বুকিং আৰম্ভ  হোৱা নাই। বৰ্তমান এয়াৰ লাইনছে নিজেই নিশ্চিত কৰিব যে কোনটো ৰুটত সেৱা আৰম্ভ কৰিব আৰু তাৰ বাবে বুকিং কেতিয়াৰ পৰা আৰম্ভ কৰিব। মুঠ ৮ লাইনছক ৰুটৰ দায়িত্ব প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত হৈছে- এয়াৰ ইণ্ডিয়া, এয়াৰ এছিয়া, গো এয়াৰ, ইণ্ডিগ’, স্পাইচ জেট, টু জেট আৰু ভিস্তাৰা।

২৫ মে’ত ভাৰতত ঘৰুৱা বিমানসেৱা আৰম্ভ কৰি দিয়া বাবে এয়াৰপ’ৰ্ট অথৰিটী অব ইণ্ডিয়াই ফাইনেল SOPৰ আধাৰত গাইডলাইন জাৰি কৰিছে। আনহাতে, বিমানৰ ভিতৰত নাথাকিব কোনো ধৰণৰ সামাজিক দূৰত্ব। বিমানৰ মাজৰ আসনখন খালী কৰা ৰখা নহয় বুলি ইতিমধ্যে স্পষ্টকৈ প্ৰকাশ কৰা হৈছে। কিন্ত, বিমানবন্দৰৰ ভিতৰত বিভিন্ন স্থানত থাকিব সামাজিক দূৰত্ব।
First published: