মূল্যবৃদ্ধিত জুৰুলা সৰ্বসাধাৰণক এইবাৰ কন্দুৱাব পিঁয়াজে! দীপাৱলীলৈকে ১০০ টকা হ’ব পাৰে এক কেজি পিঁয়াজ!

এই বছৰ দীপাৱলীলৈকে পিঁয়াজৰ দাম (Onion Price) প্ৰতি কিলোগ্ৰামত ৫০টকাৰ পৰা ১০০ টকালৈ বাঢ়িব পাৰে। দৰাচলতে সোমবাৰে দেশৰ সকলোতকৈ ডাঙৰ পিঁয়াজৰ বজাৰ লাচলগাঁৱত পিঁয়াজৰ পাইকাৰী মূল্য প্ৰতি কুইণ্টলত ৬৮০২ টকালৈকে বাঢ়িব পাৰে।
এই বছৰ দীপাৱলীলৈকে পিঁয়াজৰ দাম (Onion Price) প্ৰতি কিলোগ্ৰামত ৫০টকাৰ পৰা ১০০ টকালৈ বাঢ়িব পাৰে। দৰাচলতে সোমবাৰে দেশৰ সকলোতকৈ ডাঙৰ পিঁয়াজৰ বজাৰ লাচলগাঁৱত পিঁয়াজৰ পাইকাৰী মূল্য প্ৰতি কুইণ্টলত ৬৮০২ টকালৈকে বাঢ়িব পাৰে।
- News18 Assam
- Last Updated: October 20, 2020, 10:07 AM IST
দৰাচলতে কিয় দাম বাঢ়িছে পিঁয়াজৰ। দেশৰ সকলোতকৈ ডাঙৰ পিঁয়াজৰ বজাৰ মহাৰাষ্ট্ৰৰ লাচলগাঁৱত সোমবাৰে পিঁয়াজৰ বজাৰত মূল্য ৬হাজাৰ ৮০২ টকা প্ৰতি কুইণ্টল হৈছে। ইংৰাজী বাতৰি কাকত টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত খবৰ মতে যোৱা কিছুদিনৰ পৰা মহাৰাষ্ট্ৰৰ ঠায়ে ঠায়ে প্ৰৱল বৃষ্টিপাতৰ কাৰণে প্ৰচুৰ শস্য নষ্ট হৈছে আৰু সেইকাৰণে দাম বাঢ়িছে।
পিঁয়াজৰ দাম ফেব্ৰুৱাৰীলৈকে কম নহ’ব নে কি? ব্যৱসায়ীসকলৰ মতে, মহাৰাষ্ট্ৰ, ৰাজস্থান, গুজৰাট আৰু কৰ্ণাটকত শস্যৰ যথেষ্ট লোকচান হৈছে। সেইকাৰণে ব্যৱসায়ীসকলে গোদামত জমা কৰা আৰম্ভ কৰিছে। নতুন শস্য ফেব্ৰুৱাৰীত আহিব। তেতিয়ালৈকে পিঁয়াজৰ দাম কম হোৱাৰ কোনো সম্ভাৱনা নাই। পিঁয়াজৰ দাম বঢ়াৰ আন এক কাৰণ হোটেল আৰু ধাবা আৰম্ভ হোৱাও। পিঁয়াজৰ চাহিদা বৃদ্ধি হোৱাৰ কাৰণে পিঁয়াজৰ দাম বাঢ়িছে।
উল্লেখ্য যে, ১৪ অক্টোবৰত পিঁয়াজ ব্যৱসায়ীসকলৰ ওপৰত ইনকাম টেক্স বিভাগৰ অনুসন্ধান চলাৰ পিছতে মণ্ডীলৈ বেপাৰী অহা নাই। অৰ্থাৎ মণ্ডীত ব্যৱসায় বন্ধ হৈ আছিল। কিন্তু সোমবাৰে মণ্ডী খোলাৰ লগে লগে পিঁয়াজৰ দাম প্ৰতি কুইণ্টলত ২০০০ টকালৈকে বাঢ়িছে।
কৰ্ণাটকত বৰষুণৰ প্ৰভাৱ পৰিছে
ইয়াৰ বাহিৰে হোৱা আৱতৰীয়া বৰষুণৰ কাৰণে পিঁয়াজৰ আপূৰ্তি কম হোৱা দেখিবলৈ পোৱা গৈছে। ইয়াৰ পোণপটীয়া প্ৰভাৱ পৰিছে দামত।
ভাৰতত তিনিটা চিজনত পিঁয়াজৰ খেতি হয়। প্ৰতিম আৰু দ্বিতীয়টো খাৰিফ শস্য হিচাপে আৰু তৃতীয়টো ৰবি চিজনৰ শস্য হিচাপে। খাৰিফ চিজনত পিঁয়াজৰ খেতি জুলাই আগষ্ট মাহত হয়। এই পিঁয়াজ অক্টোবৰ ডিচেম্বৰ মাহত বজাৰলৈ আহে। দ্বিতীয়টো চিজনৰ পিঁয়াজ অক্টোবৰ নৱেম্বৰ মাহত হয় আৰু ইয়াক ডিচেম্বৰ জানুৱাৰী মাহত চপোৱা হয়। আনহাতে ৰবি শস্য হিচাপে ডিচেম্বৰ জানুৱাৰী মাহত খেতি হয় আৰু ইয়াক মাৰ্চৰ পৰা মে’ মাহলৈ চপোৱা হয়। পৰিসংখ্যা মতে মুঠ শস্যৰ ৬৫শতাংশ উৎপাদন ৰবি শস্য হিচাপে হয়।
আনহাতে এই সময়চোৱাত আলুৰ দামো যথেষ্ট বঢ়া দেখিবলৈ পোৱা গৈছে। নৱৰাত্ৰিৰ সময়ত আলুৰ যথেষ্ট ব্যৱহাৰ হোৱাৰ মাজতে বিভিন্ন ঠাইত আলুৰ দাম বঢ়া দেখা গৈছে।