পিঁয়াজৰ আকাশলংঘী মূল্যবৃদ্ধিঃ এয়াটো আৰম্ভনিহে, আগে আগে চাই যাওক...

কিয় বাঢ়িছে পিঁয়াজৰ দাম?
আৰু তেতিয়াৰ পৰাই ভাৰতবৰ্ষত পিঁয়াজ নিৰ্বাচনী ইছ্যু হিচাপে পৰিগণিত হ’ল। সংসদীয় নিৰ্বাচনত জনতা পাৰ্টী পৰাস্ত হ’ল আৰু শাসনৰ গাদীত অধিষ্ঠিত হ’ল কংগ্ৰেছ দল। ইয়াৰ পিছত বহু বাৰ এনে সুযোগ আহিল, যেতিয়া পিঁয়াজৰ দামে বহু নেতাৰ চকুলৈ চকুপানী আনি দিলে।
দেশত এতিয়া হোৰা হোৰে বাঢ়িছে পিঁয়াজৰ দাম। দেশৰ প্ৰায় প্ৰতিটো প্ৰান্ততে প্ৰতিকেজি পিঁয়াজৰ মূল্য ৭০ৰ পৰা ১০০ টকা পৰ্যন্ত হৈছেগৈ। জানিব পৰা মতে, দীপাৱলীলৈকে প্ৰতি কেজি পিঁয়াজৰ মূল্য ১২০ৰ পৰা ১৫০ টকা পৰ্যন্ত হ’বগৈ। হঠাত্ মাত্ৰ এদিনতে প্ৰতি কুইণ্টল পিঁয়াজত ২০০০ টকা পৰ্যন্ত বৃদ্ধি পালে। ইয়াৰ পিছতে খুচুৰা বজাৰত বাঢ়িছে পিঁয়াজৰ দাম।
কোনো সামগ্ৰীৰ দাম তেতিয়াই বৃদ্ধি পাই, যেতিয়া উত্পাদন কমি যায়। পিঁয়াজৰ লগতো সেই ঘটনাই ঘটিছে।
পিঁয়াজ সৰ্বাধিক উত্পাদন হয় মহাৰাষ্ট্ৰত। মহাৰাষ্ট্ৰৰ নাচিক, আহমদনগৰ, পুণে, ধুলে. শোলপুৰত সৰ্বাধিক পিঁয়াজৰ খেতি হয়। মহাৰাষ্ট্ৰৰ পিছত কৰ্ণাটক, গুজৰাট, বিহাৰ, মধ্যপ্ৰদেশ, অন্ধপ্ৰদেশত পিঁয়াজৰ খেতি কৰা হয়।
কিন্তু এইবাৰ মহাৰাষ্ট্ৰ, কৰ্ণাটক, অন্ধপ্ৰদেশত হোৱা তীব্ৰ বৃষ্টিপাতৰ ফলত এই বছৰ লাখ লাখ একৰ ফচল নষ্ট হ’ল। মহাৰাষ্ট্ৰৰ যি ঠাইত পিঁয়াজ সৰ্বাধিক উত্পাদন হয়, সেই ঠাইতো অধিক পৰিমাণে এইবাৰ বৰষুণ হ’ল। অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাত অক্টোবৰ মাহত যোৱা ১০০ বছৰৰ ভিতৰত দ্বিতীয় সৰ্বাধিক বৰষুণ হ’ল। কৰ্ণাটকৰ বিভিন্ন ঠাই এতিয়াও বানৰ কবলত।
কেতিয়ালৈকে বাঢ়িব পিঁয়াজৰ দাম-
জানিব পৰা মতে, প্ৰতি কেজি পিঁয়াজৰ দামত ১২০ৰ পৰা ১৫০ টকা পৰ্যন্ত বাঢ়িব পাৰে। কাৰণ পিঁয়াজৰ উত্পাদন কৰা ৰাজ্যত বানপানী আৰু বৰষুণৰ বাবে ফচল নষ্ট হৈ গ’ল। নতুনকৈ পিঁয়াজৰ বজাৰ আকৌ ফেব্ৰুৱাৰী মাহতহে আৰম্ভ হ’ব। এতিয়া সমগ্ৰ দেশৰ বৃহত্ বজাৰ সমূহত ৭ হাজাৰ কুইণ্টল পিয়াঁজৰ আশে-পাশে বিক্ৰী হৈ আছে।