৪বছৰৰ ভিতৰত সৰ্বাধিক মহঙা পিঁয়াজৰ মূল্য! দেৱালীলৈকে কেজিত ৮০টকা হোৱাৰ আশংকা

বিশেষজ্ঞসকলৰ মতে যদিহে নতুন পিঁয়াজ শীঘ্ৰে বজাৰলৈ নাহিলে প্ৰতি কিলো পিঁয়াজৰ মূল্য ৭০ৰ পৰা ৯০টকালৈও বৃদ্ধি পাব পাৰে। 

News18-Assam
Updated:September 22, 2019, 6:54 AM IST
৪বছৰৰ ভিতৰত সৰ্বাধিক মহঙা পিঁয়াজৰ মূল্য! দেৱালীলৈকে কেজিত ৮০টকা হোৱাৰ আশংকা
বিশেষজ্ঞসকলৰ মতে যদিহে নতুন পিঁয়াজ শীঘ্ৰে বজাৰলৈ নাহিলে প্ৰতি কিলো পিঁয়াজৰ মূল্য ৭০ৰ পৰা ৯০টকালৈও বৃদ্ধি পাব পাৰে। 
News18-Assam
Updated: September 22, 2019, 6:54 AM IST
আকৌ এবাৰ কন্দুৱাব নে কি পিঁয়াজে? হোৰাহোৰে বাঢ়িছে পিঁয়াজৰ মূল্য। দেশৰ আটাইতকৈ ডাঙৰ পিঁয়াজৰ মাৰ্কেট ‘লাচলগাঁও এপিএমচি’ (Lasalgaon APMC)ত যোৱা বৃহস্পতিবাৰে পিঁয়াজৰ দাম ১০০০ টকালৈ প্ৰতি কুইণ্টলত বৃদ্ধি পাইছিল।

ইয়াৰ লগে লগে বিগত চাৰিবছৰত পিঁয়াজৰ দাম সৰ্বাধিক শিখৰত উপনীত হৈছে। বৃহস্পতিবাৰে সন্ধিয়ালৈ এইখন বজাৰত পিঁয়াজৰ দাম ৪৫০০টকা প্ৰতি কুইণ্টলত হৈছেগৈ। যোগান কম হোৱাৰ বিপৰীতে চাহিদা বৃদ্ধি পোৱাৰ বাবে দাম বাঢ়িছে। চৰকাৰে এই ক্ষেত্ৰত মূল্যবৃদ্ধি ৰোধ কৰাৰ যি ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ কোনো বিশেষ প্ৰভাৱ দেখিবলৈ পোৱা হোৱা নাই। বিশেষজ্ঞসকলৰ মতে যদিহে নতুন পিঁয়াজ শীঘ্ৰে বজাৰলৈ নাহিলে প্ৰতি কিলো পিঁয়াজৰ মূল্য ৭০ৰ পৰা ৯০টকালৈও বৃদ্ধি পাব পাৰে।

উল্লেখযোগ্য যে ইয়াৰ আগতে ২০১৫চনৰ ১৬ ছেপ্তেম্বৰত পিঁয়াজৰ দাম প্ৰতি কুইণ্টলত ৪৩০০টকা পাৰ হৈছিল। এইখন বজাৰতে এতিয়ালৈকে সৰ্বোচ্ছ দৰ ৫৭০০টকা প্ৰতি কুইণ্টল হোৱাৰ নজিৰ আছে। ২২ আগষ্ট ২০১৫ত এই মূল্য দেখা গৈছিল।

এইখন বজাৰত পিঁয়াজৰ এনেদৰে মূল্য বৃদ্ধি হোৱাৰ প্ৰভাৱ দেশৰ বিভিন্ন বজাৰৰ লগতে অসমৰ বজাৰতো দেখিবলৈ পোৱা গৈছে। ঠায়ে ঠায়ে অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিৰো অভিযোগ উঠিছে।

উল্লেখযোগ্য যে টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদনত কোৱা হৈছিল যে দক্ষিণ ভাৰতৰ কিছু সংখ্যক ৰাজ্যত পিঁয়াজৰ পৰিমাণ কমি গৈছে। এই সমূহ ৰাজ্যতে পিঁয়াজৰ সৰ্বাধিক উৎপাদন হয়। এইকাৰণেই পিঁয়াজৰ এফালে বৰ্ধিত চাহিদা আৰু আনফালে কম যোগানৰ বাবে হোৰা–হোৰে বাঢ়িছে। পিছৰ পৰ্যায়ৰ পিঁয়াজৰ খেতি এতিয়াও পূৰঠ হোৱা নাই আৰু এইসমূহ চপাবলৈ সময় আছে।
আৰু চাওক পৰৱৰ্তী বাতৰি