• Home
  • »
  • News
  • »
  • nation
  • »
  • ONGC Helicopter Mishap: আৰব সাগৰত পৰিল পৱন হান্সৰ হেলিকপ্টাৰ, ৪ জনৰ কৰুণ মৃত্যু

ONGC Helicopter Mishap: আৰব সাগৰত পৰিল পৱন হান্সৰ হেলিকপ্টাৰ, ৪ জনৰ কৰুণ মৃত্যু

ONGC Helicopter Mishap: মৃত্যু হোৱা চাৰিজনৰ ভিতৰত তিনিজন অ’এনজিচিৰ কৰ্মচাৰী আৰু এজন ঠিকাভিত্তিক আছিল।

  • Share this:
মঙলবাৰে আৰব সাগৰত এটা কোম্পানীৰ ৰিগত অৱতৰণ কৰিবলৈ গৈ ONGCৰ এখন হেলিকপ্টাৰ সাগৰত পৰি ৪জন লোকৰ মৃত্যু হয়। চাৰিজনৰ ভিতৰত তিনিজন অ’এনজিচিৰ কৰ্মচাৰী আৰু এজন ঠিকাভিত্তিক আছিল।

মুম্বাই উপকূলৰ পৰা প্ৰায় ৫০ নটিকেল মাইল দূৰত পৱন হান্স হেলিকপ্টাৰ (Pawan Hans helicopter)খন সাগৰত পৰে। হেলিকপ্টাৰখনত  দুজন পাইলট আৰু আন ৭ জন লোক আছিল। কোম্পানীটোৰ এজন বিষয়াই জনোৱা মতে, সংলগ্ন ফ্ল’টাৰৰ সহায়ত কিছুসময় হেলিকপ্টাৰখন ওপঙি থাকিবলৈ সক্ষম হয়, যাৰ ফলত উদ্ধাৰকাৰীয়ে ৯ জন লোককে উলিয়াই আনিছিল।

ইয়াৰে চাৰিজন অচেতন হৈ আছিল আৰু নৌসেনাৰ হেলিকপ্টাৰেৰে বিমানযোগে মুম্বাইৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল, য’ত তেওঁলোকক মৃত ঘোষণা কৰা হয়।
Published by:Manjumoni Borah
First published: