• Home
  • »
  • News
  • »
  • nation
  • »
  • খেলি থাকোতে প্ৰেছাৰ কুকাৰত সোমাল কণমানিৰ মূৰ, তাৰ পিছত...

খেলি থাকোতে প্ৰেছাৰ কুকাৰত সোমাল কণমানিৰ মূৰ, তাৰ পিছত...

অস্ত্ৰোপচাৰৰ সময়ত শিশুটিৰ অক্সিজেনৰ মাত্ৰাৰ পৰা আৰম্ভ কৰি বাকী সমগ্ৰ বিষয় নজৰ দিবলগীয়া হয় চিকিৎসকে।

  • Share this:
প্ৰেছাৰ কুকাৰৰ সৈতে খেলি থাকোতেই অথন্তৰ। এটি এবছৰীয়া কন্যা শিশুৰ মূৰ লাগি ধৰিল প্ৰেছাৰ কুকাৰত। বহু চেষ্টাৰ পিছতো কুকাৰৰ পৰা উলিয়াব পৰা নগ’ল প্ৰিয়াংশী নামৰ কণমানিজনীৰ মূৰ। অৱশেষত ৪৫ মিনিটজোৰা অস্ত্ৰোপচাৰৰ পিছত চিকিৎসকে শিশুটিৰ মূৰটো কুকাৰৰ পৰা উলিয়াবলৈ সক্ষম হয়।

ঘটনাটো গুজৰাটৰ ভাৱনগৰৰ। এখন চৰকাৰী হাস্পতালত চিকিৎসকে প্ৰেছাৰ কুকাৰত সোমাই পৰাই শিশুৰ মূৰ উলিয়াবলৈ সক্ষম হয়। ইমান কম বয়সৰ শিশুৰ সফল অস্ত্ৰোপচাৰ কৰা সম্ভৱ হ’বনে নহ’ব তাক লৈ চিন্তাত পৰিছিল চিকিৎসকসকল। প্ৰায় এঘণ্টাৰ চেষ্টাৰৰ অন্তত অৱশেষত শিশুটিৰ মূৰৰ পৰা উলিয়াবলৈ সক্ষম হয় চিকিৎসকসকল।

অস্ত্ৰোপচাৰৰ সময়ত শিশুটিৰ অক্সিজেনৰ মাত্ৰাৰ পৰা আৰম্ভ কৰি বাকী সমগ্ৰ বিষয় নজৰ দিবলগীয়া হয় চিকিৎসকে। ইয়াৰ পিছতে শিশুটিয়ে পালে এক নতুন জীৱন। ঘটনাৰ ফটো ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।

Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি