মুখ্যপৃষ্ঠা »খবৰ »দেশ »পুলৱামা কাণ্ডৰ এবছৰ, শ্বহীদ জোৱানলৈ শ্ৰদ্ধাঞ্জলি জনাই উন্মোচন কৰা হ’ব স্মাৰক

পুলৱামা কাণ্ডৰ এবছৰ, শ্বহীদ জোৱানলৈ শ্ৰদ্ধাঞ্জলি জনাই উন্মোচন কৰা হ’ব স্মাৰক

বিগত বৰ্ষৰ ১৪ ফেব্ৰুৱাৰীত চিআৰপিএফৰ কনভয়ত সন্ত্ৰাসবাদীয়ে চলাইছিল ভয়ংকৰ আক্ৰমণ।

বিগত বৰ্ষৰ ১৪ ফেব্ৰুৱাৰীত চিআৰপিএফৰ কনভয়ত সন্ত্ৰাসবাদীয়ে চলাইছিল ভয়ংকৰ আক্ৰমণ।

  • Share this:
আজি এবছৰ সম্পূৰ্ণ হ’ল পুলৱামা কাণ্ডৰ। বিগত বৰ্ষৰ ১৪ ফেব্ৰুৱাৰীত সংঘটিত পুলৱামাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হোৱা ৪০ গৰাকী চিআৰপিএফ জোৱানৰ স্মৃতিত লেথপুৰা কেম্পত নিৰ্মাণ কৰা স্মাৰক আজি উন্মোচন কৰা হ’ব। এই স্মাৰকত শ্বহীদ জোৱানসকলৰ ফটোৰ সৈতে লিখা থাকিব নাম। লিখা থাকিব চি আৰ পি এফৰ নীতিবাক্য ‘সেৱা আৰু নিষ্ঠা’।

চিআৰপিএফৰ অতিৰিক্ত সঞ্চালক প্ৰধান জুলফিকাৰ হাছানে বৃহস্পতিবাৰে স্মাৰকস্থল পৰিদৰ্শন কৰি কয় যে সঁচাকৈয়ে এই ঘটনা অত্যন্ত দুৰ্ভাগ্যজনক আছিল আৰু আমি ইয়াৰ পৰা শিক্ষা লৈছো। আমি অধিক সতৰ্কতা অৱলম্বন কৰিছো। ৪০জন জোৱানৰ বলিদানে দেশৰ শত্ৰুক নিঃশেষ কৰাৰ বাবে আমাৰ সংকল্প অধিক মজবুত কৰিলে। সন্ত্ৰাসবাদীৰে অধিক সক্ৰিয়ভাৱে যুঁজ দিছো আৰু আমাৰ জোৱানসকলৰ ওপৰত আক্ৰমণৰ পিছতে আমি জইছ–ই–মহম্মদৰ কমাণ্ডাৰক হত্যা কৰিবলৈ সক্ষম হৈছো।

উল্লেখযোগ্য যে বিগত বৰ্ষৰ ১৪ ফেব্ৰুৱাৰীত চিআৰপিএফৰ কনভয়ত সন্ত্ৰাসবাদীয়ে চলাইছিল ভয়ংকৰ আক্ৰমণ। জইছ–ই–মহম্মদৰ সন্ত্ৰাসবাদী আদিল আহমেদ ডাৰে এখন বিস্ফোৰকভৰ্তি বাহনেৰে চিআৰপিএফৰ কনভয়ৰ বাহনত খুন্দিওৱাৰ ফলত বিস্ফোৰণ ঘটি শ্বহীদ হৈছিল ৪০জনকৈ চিআৰপিএফ জোৱান।

শেহতীয়া বাতৰি