• Home
  • »
  • News
  • »
  • nation
  • »
  • NAGALAND : নাগালেণ্ডৰ মন জিলাৰ অ’টিং বস্তিত সেনাৰ গুলীবৰ্ষণ কাণ্ডৰ এবছৰ

NAGALAND : নাগালেণ্ডৰ মন জিলাৰ অ’টিং বস্তিত সেনাৰ গুলীবৰ্ষণ কাণ্ডৰ এবছৰ

সমগ্ৰ মন জিলাতে ৫ ডিচেম্বৰত দুঘণ্টাৰ বাবে বন্ধ থাকিব যান-বাহনৰ চলাচল।

সমগ্ৰ মন জিলাতে ৫ ডিচেম্বৰত দুঘণ্টাৰ বাবে বন্ধ থাকিব যান-বাহনৰ চলাচল।

সমগ্ৰ মন জিলাতে ৫ ডিচেম্বৰত দুঘণ্টাৰ বাবে বন্ধ থাকিব যান-বাহনৰ চলাচল।

  • Share this:

নাগালেণ্ডৰ মন জিলাৰ অ’টিংবস্তিত সেনাৰ গুলীবৰ্ষণত ১৩জন নিৰীহ গাঁওবাসীয়ে প্ৰাণ হেৰুওৱা দেশ কঁপোৱা ঘটনাই আজি অতিক্ৰম কৰিলে এটা বছৰ৷


২০২১ চনৰ আজিৰ দিনটোতে ভাৰতীয় সেনা বাহিনীৰ পেৰা ৰেজিমেণ্টে টিৰু অঞ্চলৰ কয়লা খনিত কৰ্ম সম্পাদন কৰি এখন মিনি ট্ৰাকত নিজ গৃহ অৰ্থাৎ অ'টিং গাঁওলৈ ঘূৰি আহি থাকোঁতে সেনাৰ নিৰ্বিচাৰ গুলীবৰ্ষণত ১৩জনকৈ সাধাৰণ নগা লোকৰ মৃত্যু হৈছিল৷


নিৰাপত্তা বাহিনীৰ গুলীত  নিহত হোৱা লোকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ উদ্দেশ্যে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে মন, টূবেনচাং, কেফৰী, লংলেং, নকলাক আৰু চামাতৰ জিলাবাসীয়ে৷


আজিৰ দিনটো ক'লা দিন হিচাপে পালন কৰিব ইষ্টাৰ্ন নাগালেণ্ডৰ উল্লেখিত ৫খন জিলাৰ বাসীয়ে ৷ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান, বেচৰকাৰী অনুষ্ঠান আৰু ইষ্টাৰ্ন নাগালেণ্ডৰ সকলো ৰাইজৰ ঘৰৰ সন্মুখত ক'লা পতাকা আঁৰি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে।


উক্ত ঘটনাত নিহত লোকসকলৰ সমাধিস্থলীত আজি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনাইছে পৰিয়ালৰ লগতে অ'টিং বাসীয়ে। আনহাতে সমগ্ৰ মন জিলাতে ৫ ডিচেম্বৰত দুঘণ্টাৰ বাবে বন্ধ থাকিব যান-বাহনৰ চলাচল।


বিখ্যাত হৰ্নবিল ফেষ্টিভেলো বৰ্জন কৰিব ইষ্টাৰ্ন নাগালেণ্ড এলেকাৰ বাসিন্দাই ৷ Konyak Union, Konyak Students Union,Naga Students Federation,Eastern Nagaland Peoples Organisation (ENPO) কে প্ৰমুখ্যে বহু কেইটা নগা জনগোষ্ঠীয় ছাত্ৰ আৰু সামাজিক সংগঠনে এই বন্ধৰ প্ৰতি ৰাইজক সঁহাৰি আগবঢ়াবলৈ আহ্বান জনোৱাৰ লগতে নাগালেণ্ডৰ ৰাজধানী ক'হিমাত অনুষ্ঠিত হৈ থকা বিখ্যাত হৰ্নবিল মহোৎসৱতো ইষ্টাৰ্ন নাগালেণ্ডৰ পাঁচ জিলাবাসীক বৰ্জন কৰিবলৈ নিৰ্দেশ দিয়া পৰিলক্ষিত হৈছে।


উল্লেখযোগ্য যে এই ঘটনাৰ বাবে এখন উচ্চস্তৰীয় তদন্ত সমিতি গঠন কৰা হৈছিল আৰু ২১ জনীয়া তদন্ত সমিতিৰ চূড়ান্ত প্ৰতিবেদনত সেনা বাহিনীৰ পেৰা ৰেজিমেন্টেৰ এই ঘটনাৰ সৈতে জড়িত বিষয়া আৰু জোৱান সকলৰ দোষ থকা বহুকেইটা বিষয় উল্লেখ আছিল।  এই সমগ্ৰ বিষয় এতিয়া আদালতৰ মজিয়াত বিচাৰাধীন হৈ আছে।


আনহাতে নগা লোকসকল তথা নিহতৰ পৰিয়ালৰ আজিও এটাই দাবী দোষীক আইনে প্ৰদান কৰক কঠোৰ শাস্তি। কিয়নো অ'টিং গাঁৱত আজিও দেখা যায় অকালতে জীৱন হেৰুওৱাই নিঠৰুৱা হোৱা বহুজনৰ বেদনা দায়ক আৰ্তনাদ।

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি