
সম্প্ৰতি অঞ্চলটো ঘেৰাও কৰি তালাচী অভিযান চলাই আছে নিৰাপত্তা বাহিনীয়ে।
সম্প্ৰতি অঞ্চলটো ঘেৰাও কৰি তালাচী অভিযান চলাই আছে নিৰাপত্তা বাহিনীয়ে।
জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাৰ ৱানিগামবালা অঞ্চলত শনিবাৰে পুৱা নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত এটা সন্ত্ৰাসবাদী নিহত হয়।
আৰক্ষীয়ে জিলাখনৰ কাৰেৰী অঞ্চলৰ ৱানিগাম বালাত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰাৰ পিছতে নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান আৰম্ভ কৰে। তালাচী অভিযানৰ সময়ত সন্ত্ৰাসবাদীয়ে নিৰাপত্তা বাহিনীৰ ওপৰত গুলীচালনা কৰাৰ পিছতে দুয়োপক্ষৰ সংঘৰ্ষ হয়।
সংঘৰ্ষত এজন সন্ত্ৰাসবাদী নিহত হয়। সম্প্ৰতি অঞ্চলটো ঘেৰাও কৰি তালাচী অভিযান চলাই আছে নিৰাপত্তা বাহিনীয়ে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|