আঢ়ৈ বছৰীয়া শিশু হত্যাকাৰীৰ বিৰুদ্ধে আছে নিজ কন্যাক ধৰ্ষন কৰাৰ অভিযোগ

উত্তৰ প্ৰদেশৰ আলীগড় শিশু হত্যাই এতিয়া সমগ্ৰ দেশ জোকাৰিছে। এতিয়া সমগ্ৰ দেশে কণমানী জনীৰ পৰিয়ালক ন্যায় প্ৰদানৰ বাবে দাবী জনাইছে।

news18assam
Updated:June 8, 2019, 7:23 AM IST
আঢ়ৈ বছৰীয়া শিশু হত্যাকাৰীৰ বিৰুদ্ধে আছে নিজ কন্যাক ধৰ্ষন কৰাৰ অভিযোগ
উত্তৰ প্ৰদেশৰ আলীগড় শিশু হত্যাই এতিয়া সমগ্ৰ দেশ জোকাৰিছে। এতিয়া সমগ্ৰ দেশে কণমানী জনীৰ পৰিয়ালক ন্যায় প্ৰদানৰ বাবে দাবী জনাইছে।
news18assam
Updated: June 8, 2019, 7:23 AM IST
উত্তৰ প্ৰদেশৰ আলীগড় শিশু হত্যাই এতিয়া সমগ্ৰ দেশ জোকাৰিছে। আঢ়ৈ বছৰীয়া শিশুটিক হত্যা কৰাৰ অভিযুগত অভিযুক্ত নিজ গাৱৰে দুই যুৱক। এতিয়া সমগ্ৰ দেশে কণমানী জনীক ন্যায় প্ৰদানৰ বাবে দাবী জনাইছে। শিশুটিৰ পিতৃয়ে ধাৰে লোৱা টকা উভতাই দিব নোৱাৰৰ বাবেই সংঘটিত হ’ল এক জঘন্য হত্যাকাণ্ড।জানিব পৰা মতে, শিশুটিৰ পিতৃয়ে এজন ব্যক্তিৰ পৰা ১০ হাজাৰ টকা ধাৰলৈ লৈছিল। কিন্তু নিৰ্দিষ্ট সময়ত ধনখিনি উভতাই দিব নোৱাৰাৰ বাবে লোকজনে যোৱা ৩১ মে’ত টকা ধাৰে লোৱা লোকজনৰ আঢ়ৈ বছৰীয়া শিশুটিক অপহৰণ কৰি হত্যা কৰে!। জাৱৰৰ দমৰ মাজত উদ্ধাৰ হয় আঢ়ৈ বছৰীয়া কন্যা শিশুটিৰ মৃতদেহ।



ঘটনা সন্দৰ্ভত আৰক্ষীয়ে দুজনক গ্ৰেপ্তাৰ কৰাৰ পিছতেই এতিয়া উদঘাটন হৈছে নতুন নতুন তথ্য।ঘটনাত অভিযুক্ত মূল অভিযুক্তৰ নাম জাহিদ। ঘটনাত জড়িত অন্যজন অভিযুক্তৰ নাম এতিয়া লৈকে প্ৰকাশ কৰা নাই আৰক্ষীয়ে। আঢ়ৈ বছৰীয়া কন্যা হত্যাকাণ্ডত অভিযুক্ত এজনৰ বিৰুদ্ধে আছে নিজ কন্যাক ধৰ্ষন কৰাৰ এক গুৰুতৰ অভিযোগ।

ইণ্ডিয়া টুডেত প্ৰকাশিত তথ্য অনুসৰি হত্যাৰ অভিযোগত দ্বিতীয়জন অভিযুক্ত ইতিমধ্যে POSCO আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। ২০১৪ ত এই অভিযুক্তজনৰ বিৰুদ্ধে আছে নিজৰ জীয়াৰীক ধৰ্ষন কৰাৰ অভিযোগ।

ঘটনাৰ সন্দৰ্ভত দুই অভিযুক্তক আটক কৰাৰ পিছতে এতিয়া প্ৰতিদিনে উদঘাটন হৈছে নতুন নতুন ৰহস্য।
আৰু চাওক পৰৱৰ্তী বাতৰি