‘এক দেশ, এক ৰেচন কাৰ্ড’, ৰেচন কাৰ্ডৰ ব্যৱস্থাই আনিছে দেশলৈ আমূল পৰিৱৰ্তন

News18 Assam | News18-Assam
Updated:May 14, 2020, 7:06 PM IST
‘এক দেশ, এক ৰেচন কাৰ্ড’, ৰেচন কাৰ্ডৰ ব্যৱস্থাই আনিছে দেশলৈ আমূল পৰিৱৰ্তন
‘এক দেশ, এক ৰেচন কাৰ্ড’ৰ ফলত যতেই নাথাকক লাগিলে, ওচৰৰ ৰেচনৰ দোকানৰ পৰা ৰেচন সংগ্ৰহ কৰিব পাৰিব শ্ৰমিকে

‘এক দেশ, এক ৰেচন কাৰ্ড’ৰ ফলত যতেই নাথাকক লাগিলে, ওচৰৰ ৰেচনৰ দোকানৰ পৰা ৰেচন সংগ্ৰহ কৰিব পাৰিব শ্ৰমিকে

  • Share this:
ৰেচন কাৰ্ডৰ ব্যৱস্থাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ নতুন পৰিকল্পনাৰ কথা ঘোষণা কৰিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। মন্ত্ৰীগৰাকীয়ে কয় যে, দেশৰ যিকোনো প্ৰান্তত থাকিয়েই যাতে প্ৰব্ৰজিত শ্ৰমিক বা দৰিদ্ৰ লোকসকলে প্ৰয়োজনীয় ৰেচন লাভ কৰে, তাৰ বাবে এক নতুন নিয়ম কৰিছে কেন্দ্ৰীয় চৰকাৰে।

‘এক দেশ, এক ৰেচন কাৰ্ড’ৰ ফলত যতেই নাথাকক লাগিলে, ওচৰৰ ৰেচনৰ দোকানৰ পৰা ৰেচন সংগ্ৰহ কৰিব পাৰিব শ্ৰমিকে। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে কাৰ্যত ৰূপ দিছে এই নতুন ব্যৱস্থা। উল্লেখযোগ্য যে, ৰাহুল গান্ধীৰ সৈতে আলোচনাৰ সময়তে বিশিষ্ট অৰ্থনীতিবিদ অভিজিত্‍ বিনায়ক বন্দ্যোপাধ্যায়ে এই উপদেশ দিছিল।



কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপৰ জৰিয়তে ২০২১ চনত দেশৰ ৰেচন ব্যৱস্থালৈ বিশেষ পৰিৱৰ্তন আহিব বুলি আশা প্ৰকাশ কৰে বিত্তমন্ত্ৰীগৰাকীয়ে। এই ব্যৱস্থাই দেশৰ ৮০ মিলিয়ন লোকক লাভান্বিত কৰিব বুলি আশা প্ৰকাশ কৰে।
First published: May 14, 2020, 6:17 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি