• Home
  • »
  • News
  • »
  • nation
  • »
  • মণিপুৰত ৮০ লাখ টকা মূল্যৰ সোণ জব্দ; এগৰাকী মহিলাসহ এজন ব্যক্তি আটক

মণিপুৰত ৮০ লাখ টকা মূল্যৰ সোণ জব্দ; এগৰাকী মহিলাসহ এজন ব্যক্তি আটক

ইম্ফল শুল্ক সংমণ্ডলৰ দ্য এণ্টি-স্মাগলিং ইউনিটে গোপন সূত্ৰৰ পম খেদি এজন লোকক গ্ৰেপ্তাৰ কৰে।

ইম্ফল শুল্ক সংমণ্ডলৰ দ্য এণ্টি-স্মাগলিং ইউনিটে গোপন সূত্ৰৰ পম খেদি এজন লোকক গ্ৰেপ্তাৰ কৰে।

চোৰাং সোণখিনি লৈ সৰবৰাহৰ বাবে দিল্লীলৈ যাব লগা লোকজনক লোক শুল্ক আইন ১৯৬২ ৰ ১০৪ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হয়।

  • Share this:
মণিপুৰৰ ইম্ফল আৰু থৌবাল অঞ্চলত শুল্ক বিভাগৰ এটা দলে দুটা পৃথক ঘটনাত দুজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে ৮০ লাখ টকাৰ সোণ জব্দ কৰে বুলি সূত্ৰই প্ৰকাশ কৰিছে। যোৱা ১৫ ছেপ্টেম্বৰত এয়াৰ ইণ্ডিয়াৰ এখন বিমান যোগে ইম্ফল বিমানবন্দৰৰ পৰা নতুন দিল্লীলৈ সৰবৰাহ কৰিবলৈ চেষ্টা কৰা অৱস্থাত বিদেশী মূলৰ ১.২৪২ কিলোগ্ৰাম সোণ, (যাৰ ভাৰতীয় মূল্য ৫৪,৯৭,৩৩৩ টকা)ৰ সৈতে ইম্ফল শুল্ক সংমণ্ডলৰ দ্য এণ্টি-স্মাগলিং ইউনিটে গোপন সূত্ৰৰ পম খেদি এজন লোকক গ্ৰেপ্তাৰ কৰে। চোৰাং সোণখিনি লৈ সৰবৰাহৰ বাবে দিল্লীলৈ যাব লগা লোকজনক লোক শুল্ক আইন ১৯৬২ ৰ ১০৪ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হয়।

জানিব পৰা অনুসৰি, গ্ৰেপ্তাৰ হোৱা ব্যক্তিজন থৌবাল জিলাৰ লিলঙৰ আব্দুল হাকিমৰ পুত্ৰ শ্বাকিৰ আহমেদ (২৬) বুলি চিনাক্ত কৰা হৈছে। ধৃত ব্যক্তিজনৰ মলদ্বাৰৰ ভিতৰত লুকুৱাই ৰখা সোণৰ সামগ্ৰীবোৰ পেষ্ট ৰূপত চাৰিটা ডিম্বাকৃতিৰ পেকেটত লুকুৱাই ৰখা অৱস্থাত উদ্ধাৰ কৰা হয়।

আনহাতে, থৌবাল জিলাৰ খোংজোম এলেকাৰ এগৰাকী মহিলাৰ পৰা শুল্ক বিষয়াৰ এটা দলে ৪৯৮ গ্ৰাম ওজনৰ ২৫,৩৯,৮০০ টকা মূল্যৰ তিনিটা সোণৰ বিস্কুট জব্দ কৰে। ধৃত মহিলাগৰাকী থৌবাল জিলাৰ লিলং আৰাপ্তিৰ এম চেলুং সিঙৰ পত্নী এম জিনাট বুলি চিনাক্ত কৰা হৈছে আৰু মহিলাগৰাকীক মাৰুতি-ইকো ভেন গাড়ীত যাত্ৰী হিচাপে যাত্ৰা কৰি থকা অৱস্থাতে গ্ৰেপ্তাৰ কৰা হয়। গোচৰ দুটাৰ অধিক তদন্ত চলি আছে বুলি জানিব পৰা গৈছে।
Published by:Subham Goswami
First published: