এবাৰ ব্যৱহাৰ্য্য প্লাষ্টিক ব্যৱহাৰ কৰিলে ১ লাখ টকা জৰিমনা, ৫ বছৰ পৰ্যন্ত জেল!

হাৰিয়ানা চৰকাৰৰ কঠোৰ নিৰ্দেশনা!

News18-Assam
Updated:October 5, 2019, 4:15 PM IST
এবাৰ ব্যৱহাৰ্য্য প্লাষ্টিক ব্যৱহাৰ কৰিলে ১ লাখ টকা জৰিমনা, ৫ বছৰ পৰ্যন্ত জেল!
হাৰিয়ানা চৰকাৰৰ কঠোৰ নিৰ্দেশনা!
News18-Assam
Updated: October 5, 2019, 4:15 PM IST
দ্ৰুত গতিত বৃদ্ধি পোৱা পৰিবেশ প্ৰদুষণৰ অন্যতম কাৰণ অত্যাধিক প্লাষ্টিকৰ ব্যৱহাৰ। কেন্দ্ৰীয় চৰকাৰেও গান্ধী জয়ন্তীৰ দিনা এবাৰ ব্যৱহাৰ্য প্লাষ্টিক আকৌ ব্যৱহাৰ নকৰিলৈ আহ্বান জনাইছিল দেশবাসীক। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ পাছতে হাৰিয়ানা চৰকাৰে এবাৰ ব্যৱহাৰ্য্য প্লাষ্টিকৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। হাৰিয়ানা উচ্চ ন্যায়ালয়েও দিছে কঠোৰ নিৰ্দেশনা। এবাৰ ব্যৱহাৰ্য্য প্লাষ্টিক ব্যৱহাৰকাৰীৰ ওপৰত এক লাখ টকালৈ জৰিমনা আৰোপ কৰাৰ লগতে এবাৰ ব্যৱহাৰ্য্য প্লাষ্টিক ব্যৱহাৰ কৰি থকা অৱস্থাত ধৰা পৰিলে পাঁচ বছৰ পৰ্য্যন্ত হ’ব জেল।

 

সেইদৰে প্ৰতিখন চহৰ যাতে বসবাসৰ বাবে উপযোগী হৈ থাকে তাৰ বাবে জনসাধাৰণো পৰিবেশৰ প্ৰতি সজাগ হৈ থাকিব লাগিব বুলি ন্যায়ালয়ে মত প্ৰকাশ কৰে। ন্যায়ালয়ে য’তে-ত’তে জাবৰ পেলোৱাৰ বাবে কি পৰিমাণৰ জৰিমনা সংগ্ৰহ কৰিব এই নিৰ্ধাৰণ কৰাৰ বাবে বিষয়াসকলক নিৰ্দেশ দিছে যাতে মুকলিত জাবৰ পেলোৱা ৰোধ কৰিব পৰা যায়।
আৰু চাওক পৰৱৰ্তী বাতৰি