পাকিস্তানৰ লগতে ভাৰতৰ এখন ৰাজ্যত ১৪ আগষ্টতে উৰিব নিজৰ পতাকা

News18-Assam
Updated:August 13, 2019, 10:38 PM IST
পাকিস্তানৰ লগতে ভাৰতৰ এখন ৰাজ্যত ১৪ আগষ্টতে উৰিব নিজৰ পতাকা
NSCN-NSFক ৰোধিবলৈ নাগালেণ্ড চৰকাৰৰ বিশেষ সৰ্তকতা বাৰ্তা, সষ্টম সেনা-আৰক্ষী

NSCN-NSFক ৰোধিবলৈ নাগালেণ্ড চৰকাৰৰ বিশেষ সৰ্তকতা বাৰ্তা, সষ্টম সেনা-আৰক্ষী

  • Share this:
বিজু কুমাৰ ডেকা: এখন দেশৰ ভিতৰত পৃথক পৃথক স্বাধীনতা দিৱস ৷ ভাৰতৰ ভিতৰতে এখন ৰাজ্যই পালন কৰে সুকীয়াকৈ স্বাধীনতা দিৱস ৷ ভাৰতে নিজৰ স্বাধীনতা দিৱস পালন কৰাৰ এদিন পূৰ্বে এই স্বাধীনতা দিৱস পালন কৰে নগা জনতাই ৷ হয়, ১৪ আগষ্টত নগাই পালন কৰে স্বাধীনতা দিৱস ৷ এই হিচাপত বুধবাৰে নগা দল-সংগঠন তথা নগা ৰাইজে পালন কৰিব “নগা স্বাধীনতা” দিৱস ৷

১৯৪৭ৰ ১৫ আগষ্টত ভাৰতে স্বাধীনতা লাভ কৰাৰ এদিন পূৰ্বে নগা ৰাইজে ১৪ আগষ্টৰ দিনটোতে ব্ৰিটিছৰ পৰা স্বাধীনতা পোৱা বুলি ঘোষণা কৰিছিল ৷ অৰ্থাৎ পাকিস্তানে যিদিনা স্বাধীনতা লাভ কৰিছিল, সেই দিনটোতে নগাইয়ো নিজৰ স্বাধীনতা লাভ কৰা বুলি মানি লৈছিল ৷ আৰু সেই দিন ধৰি ১৪ আগষ্টৰ দিনটোক নগা দল-সংগঠন তথা ৰাইজে “নগা স্বাধীনতা” দিৱস হিচাপে পালন কৰি আহিছে ৷



এইবাৰো নগাই ৭৩সংখ্যক স্বাধীনতা দিৱস পালন কৰিব বুধবাৰে ৷ নগা সশস্ত্ৰ সংগঠন NSCN(IM), NSCN(K), NSCN(R), NNC, NSCN(NK), নগা ছাত্ৰ সংগঠন NSF, নগা মহিলা সংগঠন NMA আদিয়ে পালন কৰিব “নগা স্বাধীনতা” দিৱস ৷



ইপিনে নগা স্বাধীনতা দিৱস পালনৰ সময়ত নগা ছাত্ৰ সংগঠন NSFএ “নগাৰ জাতীয় পতাকা” সকলোতে উত্তোলন কৰিবলৈ কৰা আহ্বানক লৈ বিপাঙত পৰিছে নাগালেণ্ড চৰকাৰ ৷ সেয়ে নাগালেণ্ড চৰকাৰে প্ৰতিখন জিলা, প্ৰতিটো মহকুমা আৰু ৰাজহ চক্ৰৰ সংশ্লিষ্ট বিষয়াক স্থানীয় ভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দিছে বিশেষ নিৰ্দেশনা ৷ ছাত্ৰ সংগঠনটোৰ সৈতে স্থানীয় পৰ্যায়ত আলোচনা কৰি “আইন-শৃঙ্খলা” পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে নাগালেণ্ডৰ গৃহ আয়ুক্তই ৷



ইপিনে সমগ্ৰ নাগালেণ্ডত স্বাধীনতা দিৱস উপলক্ষে ভাৰতীয় সেনা, আছাম ৰাইফলচ, চিআৰপিএফ, নাগালেণ্ড আৰক্ষীয়ে বিশেষ নিৰাপত্তা বেহু গঢ়ি তুলিছে ৷
আৰু চাওক পৰৱৰ্তী বাতৰি