মহা বিপদত পৰিছে এটা পৰিয়াল। ৫৩ বছৰ ধৰি বাসগৃহ হৈ থকা ঘৰটো চৰকাৰী নিয়মত ভাগ-বতৰা হৈ এটা অংশ মহাৰাষ্ট্ৰত আৰু আনটো অংশ তেলেংগানা ৰাজ্যত পৰিছে। ডেৰ শতিকা পুৰণি ঘৰটোত বসবাস কৰা পৰিয়ালটো বৰ্তমান অথাই সাগৰত পৰিছে। ঘৰটোৰ বাসিন্দা উত্তম পাৱাৰে সংবাদ মাধ্যমক জনাইছে যে তেওঁলোকে দুয়োখন ৰাজ্যকে কৰ আদায় দিয়ে কিন্তু তেলেংগানাৰ পৰা অধিক চৰকাৰী সুবিধা লাভ কৰে।
তেওঁ কয়, “আগতে যেতিয়া দুয়োখন দেশৰ সীমা পৃথকে পৃথকে নিৰ্ধাৰণ কৰা হৈছিল, তেতিয়া এই ঘৰৰ আধা মহাৰাষ্ট্ৰত আৰু আধা তেলেংগানাত বুলি কোৱা হয়। আমি এতিয়ালৈকে কোনো সমস্যাৰ সন্মুখীন হোৱা নাই। আমি দুয়োখন ৰাজ্যৰ বাবে পৃথকে পৃথকে কৰ দিছো, দুয়োখন গাঁও পঞ্চায়তত আমি কৰ দিছো, কিন্তু আমি বেছিভাগ সুবিধা তেলেংগানা চৰকাৰৰ পৰা পাওঁ।”
উল্লেখযোগ্য যে, পানী, বিদ্যালয়ৰ দৰে বহু মৌলিক সেৱাৰ পৰা গাওঁবাসী বঞ্চিত। গাঁওবাসীয়ে কয় যে মহাৰাষ্ট্ৰ চৰকাৰৰ অধীনত কাম ভালদৰে চলি থকা নাই তেওঁলোকৰ মতে তেলেংগানা চৰকাৰৰ অধীনত সাধাৰণ সেৱা আৰু গাঁওসমূহৰ আন্তঃগাঁথনি উন্নয়ন অধিক কেন্দ্ৰীভূত আৰু মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ চৰকাৰে তেওঁলোকক অধিক সুবিধা প্ৰদান কৰিলে।
শেহতীয়াকৈ এই গাঁওখনত সমস্যা বাঢ়িছে। উত্তম পাৱাৰৰ পৰিয়ালটোও বিপদত পৰিছে সেই গাঁৱৰ লগতে কাষৰীয়া গাঁৱৰ অসংখ্য গাঁওবাসীয়ে শাৰী পাতি পাৱাৰৰ ঘৰৰ কাষলৈ আহিছে আৰু যেতিয়া তেওঁলোক তালৈ আহে তেতিয়া তেওঁলোকে দাবী কৰে যে তেওঁলোককো যাতে আন ৰাজ্যলৈও যাবলৈ দিব লাগে তেতিয়া তেওঁলোকেও আন ৰাজ্যৰ বিশেষাধিকাৰ পাব।
Published by: Subham Goswami
FIRST PUBLISHED : December 15, 2022, 23:18 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|