নতুন দিল্লীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ২১ বছৰীয়া এজন যুৱকক ৫জনে মিলি মৰিয়াই মৰিয়াই হত্যা কৰিলে নতুন দিল্লীত। ইয়াৰে এজনৰ ভগ্নীৰ সৈতে সম্পৰ্ক ৰখাৰ অভিযোগত হত্যা কৰে নেতৰাম নামৰ যুৱকজনক। ঘটনা সন্দৰ্ভত আটাইকেইজনকে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
যুৱকজনক গুৰুলা–গুৰুলকৈ প্ৰহাৰ কৰি লোককেইজনেই লৈ গৈছিল হাস্পতাললৈ। পিছে যুৱকজনৰ অৱস্থা গুৰুতৰ দেখি হাস্পতালৰ পৰা পলায়ন কৰে লোককেইজনে। পিছত আৰক্ষীয়ে চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিছে অম্বিকা প্ৰসাদ, ৰঞ্জিত, অনিল দেশৰাজ আৰু ছনু নামৰ আটাইকেইজনক। মুখ্য অভিযুক্ত অম্বিকা প্ৰসাদৰ ঘৰত বনকৰা যুৱক হিচাপে আছিল নেতৰাম। অম্বিকা প্ৰসাদ এজন কুখ্যাত অপৰাধী। ২০টাৰো অধিক গোচৰ ৰুজু হৈ আছে অম্বিকা প্ৰসাদৰ বিৰুদ্ধে।
অম্বিকা প্ৰসাদে আৰক্ষীৰ আগত প্ৰকাশ কৰা মতে ৭ মাহ পূৰ্বে তেওঁৰ ভগ্নী স্বামীৰ ঘৰৰ পৰা সন্ধানহীন হৈছিল। এই সন্দৰ্ভত থানাত ৰুজু কৰিছিল গোচৰ। পিছত অম্বিকা প্ৰসাদে গম পায় যে তেওঁৰ ভগ্নী পলাই গৈ নেতৰামৰ সৈতে থাকিবলৈ লোৱা বুলি। এই কথা গম পোৱাৰ পিছত খঙত অগ্নিশৰ্মা হৈ আন ৪জনক লগত লৈ উপৰ্যুপৰি আক্ৰমণ কৰে যুৱকজনক।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 20, 2019, 10:08 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।