TikTokৰ সলনি এইবাৰ দেশীয় Roposo! এদিনত ১ কোটি নতুন গ্ৰাহকৰ আশা

News18 Assam | News18-Assam
Updated:July 1, 2020, 10:31 AM IST
TikTokৰ সলনি এইবাৰ দেশীয় Roposo! এদিনত ১ কোটি নতুন গ্ৰাহকৰ আশা
Roposoত বৰ্তমান আছে ৬ কোটি ৫০ লাখ ইউজাৰ। TikTok, Likee, Bigo Live, Vigo Video আৰু Heloৰ দৰে চীনা এপসমূহ বন্ধ হোৱাৰ ফলত Roposoৰ জনপ্ৰিয়তা বাঢ়িছে।

Roposoত বৰ্তমান আছে ৬ কোটি ৫০ লাখ ইউজাৰ। TikTok, Likee, Bigo Live, Vigo Video আৰু Heloৰ দৰে চীনা এপসমূহ বন্ধ হোৱাৰ ফলত Roposoৰ জনপ্ৰিয়তা বাঢ়িছে।

  • Share this:
ভাৰতত নিষিদ্ধ হ’ল টিকটক। এতিয়া কি হ’ব কোটি কোটি ব্যৱহাৰকাৰীৰ? এইবাৰ তেওঁলোকৰ বাবে আহিছে Roposo। একেবাৰে ভাৰতীয় এই ভিডিঅ’ এপটোৱে কাম কৰিব টিকটকৰ দৰেই। নিজৰ পছন্দৰ ভিডিঅ’ আপলোড কৰিব পাৰিব ব্যৱহাৰকাৰীসকলে। সেয়েহে টিকটক নিষিদ্ধ হোৱাৰ পিছত আশাৰ ৰেঙণি দেখিছে এই ভাৰতীয় এপটোৱে। কৰ্তৃপক্ষৰ ধাৰণা, এদিনত প্ৰায় ১ কোটি লোকে যোগদান কৰিব এই নতুন এপটোত!

সংস্থাটোৰ সহঃ প্ৰতিষ্ঠাপক আৰু চিইঅ’ মায়াংক ভাঙ্গাডিয়াই জনায়, পুৱাৰে পৰা আমাৰ ট্ৰেফিকৰ বহু উন্নতি দেখিবলৈ পাইছো। বহু মানুহ আকৰ্ষিত হৈছে এই এপৰ প্ৰতি। এয়া কোম্পানীৰ বাবে ভাল লক্ষণ। চীনা এপ নিষিদ্ধ হোৱাৰ এদিন পিছতে এই বৃদ্ধি নিশ্চয়কৈ আশাব্যঞ্জক।

Roposoত বৰ্তমান আছে ৬ কোটি ৫০ লাখ ইউজাৰ। TikTok, Likee, Bigo Live, Vigo Video আৰু Heloৰ দৰে চীনা এপসমূহ বন্ধ হোৱাৰ ফলত Roposoৰ জনপ্ৰিয়তা বাঢ়িছে। সংস্থাটোৱে জনাইছে যে এই এপটোৱে স্থানীয় কনটেণ্টৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিব। সেয়েহে জনপ্ৰিয়তা বাঢ়িব।

মূল সংস্থা গ্লেঞ্চ (Glance)ৰ অধীনত আছে Roposo। পেৰেণ্ট কোম্পানীৰ পৰা অধিক সংখ্যক লোকে এই এপ ব্যৱহাৰ কৰিলেও এতিয়া মুঠ ৬ কোটি ৫০ লাখ ইউজাৰ আছে। গ্লেঞ্চৰ স্বত্বাধিকাৰী হ’ল ভাৰতীয় ষ্টাৰ্টআপ ইনমোবি (InMobi)। চীনা এপ টিকটকৰ বিকল্প হিচাপে আগন্তুক দিনত গ্লেঞ্চ Roposo–এ ভাল ব্যৱসায় কৰিব আৰু দেশজুৰি জনপ্ৰিয়তা অৰ্জন কৰিব বুলি ধাৰণা কৰা হৈছে।
First published: July 1, 2020, 10:31 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading