মৃত্যুদূত Corona ভাইৰাছে চানি ধৰা চীনৰ য়োহানৰ পৰা উভটিল অসমৰ এজন

News18 Assam | News18-Assam
Updated:February 20, 2020, 1:02 PM IST
মৃত্যুদূত Corona ভাইৰাছে চানি ধৰা চীনৰ য়োহানৰ পৰা উভটিল অসমৰ এজন
Air India ৰ বিশেষ বিমানৰে দিল্লীলৈ লৈ অহা হ’ল ৩২৪ জনক।

Air India ৰ বিশেষ বিমানৰে দিল্লীলৈ লৈ অহা হ’ল ৩২৪ জনক।

  • Share this:
চীনৰ য়োহানৰ পৰা ভাৰতলৈ ৰাওনা ৩২৪ জন আৱদ্ধ ভাৰতীয়। এইসকলৰ ভিতৰত আছে অসমৰ এজন আৰু মণিপুৰৰ দুজন।
চীনৰ পৰা উভতা দলত সৰ্বমুঠ ৫৬ জনৰে তালিকাৰ শীর্ষত আছে অন্ধ্ৰ প্ৰদেশ। কেৰালাৰ পৰা ৪২ জন আৰু তামিলনাডুৰ ৫৩ জন চীনত আৱদ্ধ হৈ আছিল । উল্লেখযোগ্য যে, ৩২৪ জনৰ ৯০ গৰাকীয়েই মহিলা । আনহাতে উদ্ধাৰ হোৱাৰ ভিতৰত আছে ২১১ জন ছাত্ৰ আৰু তিনিটি শিশু ।
Air India ৰ বিশেষ বিমানৰে Corona virus ৰে আক্ৰান্ত চীনৰ য়োহানৰ পৰা লৈ অনা হয় এই ৩২৪ জন ভাৰতীয় লোকক ।

আজি পুৱা নতুন দিল্লীত অৱতৰণ কৰে এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমান খনে ।
তাৰ পাছতেই সকলোকে দিল্লী আৰু দিল্লীৰ সমীপত নিৰ্মিত অস্থায়ী চিকিৎসালয়লৈ লৈ যোৱা হয় । এই quarantine facility সমূহত ১৪ দিন পৰ্যন্ত পৰ্যবেক্ষণত ৰখা হ’ব সকলোকে।
আৰু চাওক
পৰৱৰ্তী বাতৰি