
দুৰ্ঘটনা সংঘটিত কৰি পলাতক হৈ আছে বাছ চালকজন।
দুৰ্ঘটনা সংঘটিত কৰি পলাতক হৈ আছে বাছ চালকজন।
- News18
- Last Updated :
মাকক দেখি হেঁপাহেৰে মাকৰ ফাললৈ দৌৰি অহা ডেৰ বছৰীয়া কণমানি শিশু এটিক তীব্ৰবেগী স্কুল বাছে মহতিয়াই নিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। উদণ্ড বাছ চালকে শিশুটিক মহতিয়াই নিয়াৰ পিছতে দুৰ্ঘটনাস্থলীৰ পৰা পলায়ন কৰে। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত ডেৰবছৰীয়া কণমানি পিয়াংশৰ ইতিমধ্যে মৃত্যু ঘটিছে। এই অঘটন ঘটিছে হাৰিয়ানাৰ বিচনপুৰাত। তিনিজনী জ্যেষ্ঠ ভগ্নী থকা কণমানি শিশুটিৰ মাতৃয়ে ঘৰৰ কাষৰ দোকানৰ সামগ্ৰী ক্ৰয় কৰিবলৈ যাওঁতেই এই দুৰ্ঘটনা সংঘটিত হয়।
![]()
এই সময়তে ডেৰ বছৰীয়া কণমানিটো খেলি খেলি ঘৰৰ বাহিৰলৈ আহিছিল।মাকক দেখি শিশুটিয়ে তেওঁৰ ফালে দৌৰি আহিছিল। নিয়তিৰ নিষ্ঠুৰ বিধান! মাকৰ চকুৰ সন্মুখতে বাছৰ চকাৰ তলত শিশুটি সোমাই পৰে। গুৰুতৰভাৱে আহত শিশুটিক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও শিশুটিয়ে শেষ নিশ্বাস ত্যাগ কৰে। বাছ চালকৰ উদ্ভণ্ডালিৰ কাৰণেই শিশুটিৰ মৃত্যু হোৱা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। দুৰ্ভগীয়া ডেৰ বছৰীয়া পিয়াংশৰ পিতৃ এজন কাৰপেণ্টাৰ। ইয়াৰ পিছতে বাছ চালকৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ ৰুজু কৰা হয় যদিও এই পৰ্যন্ত বাছ চালকজন ধৰা পৰা নাই।
Published by:Tulika Devi
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|