মুখ্যপৃষ্ঠা »খবৰ »দেশ »আজি মহাত্মা গান্ধীৰ ১৫০সংখ্যক জন্মজয়ন্তী, দেশজুৰি জাতিৰ পিতাক স্মৰণ

আজি মহাত্মা গান্ধীৰ ১৫০সংখ্যক জন্মজয়ন্তী, দেশজুৰি জাতিৰ পিতাক স্মৰণ

ধানমন্ত্ৰীয়ে স্বচ্ছতাৰ বাবে আয়োজিত হ’বলগীয়া এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব সবৰমতীত। য’ত দেশক মুকলিকৈ শৌচ কৰাৰ পৰা মুক্ত হোৱা বুলি ঘোষণা কৰিব মোদীয়ে।

ধানমন্ত্ৰীয়ে স্বচ্ছতাৰ বাবে আয়োজিত হ’বলগীয়া এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব সবৰমতীত। য’ত দেশক মুকলিকৈ শৌচ কৰাৰ পৰা মুক্ত হোৱা বুলি ঘোষণা কৰিব মোদীয়ে।

ধানমন্ত্ৰীয়ে স্বচ্ছতাৰ বাবে আয়োজিত হ’বলগীয়া এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব সবৰমতীত। য’ত দেশক মুকলিকৈ শৌচ কৰাৰ পৰা মুক্ত হোৱা বুলি ঘোষণা কৰিব মোদীয়ে।

  • Share this:
    আজি মহামানৱ মহাত্মা গান্ধীৰ ১৫০সংখ্যক জন্মজয়ন্তী। দেশজুৰি জাতিৰ পিতাক স্মৰণৰ উদ্দেশ্যে আয়োন কৰা হৈছে বিভিন্ন কাৰ্যসূচীৰ। গান্ধী জয়ন্তী উপলক্ষে আজি আহমেদাবাদৰ সবৰমতী আশ্ৰমলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীয়ে স্বচ্ছতাৰ বাবে আয়োজিত হ’বলগীয়া এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব সবৰমতীত। য’ত দেশক মুকলিকৈ শৌচ কৰাৰ পৰা মুক্ত হোৱা বুলি ঘোষণা কৰিব মোদীয়ে। তাৰ পূৰ্বে পুৱাই মোদীয়ে ৰাষ্ট্ৰপিতাৰ সমাধিস্থল ৰাজঘাটত উপস্থিত হৈ জাতিৰ পিতালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

    ইয়াৰ পিছতে প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিস্থল বিজয়ঘাটলৈ যাব মোদী। ২ অক্টোবৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰো জন্মদিন। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে সংসদলৈ যাব, য’ত দুয়োগৰাকী নেতাক পুষ্পাঞ্জলি অৰ্পণ কৰিব।

    সন্ধিয়া আহমেদাবাদৰ সবৰমতী আশ্ৰমত উপস্থিত হ’ব মোদী। সবৰমতী আশ্ৰমত ২০ হাজাৰৰো অধিক গাঁৱৰ মুখীয়ালৰ উপস্থিতিত দেশক মুকলিকৈ শৌচ কৰাৰ পৰা মুক্ত ঘোষণা কৰিব মোদীয়ে। এই অনুষ্ঠানলৈ গান্ধীবাদী সংস্থাৰ সৈতে জড়িত লোক, উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ, পদ্ম পুৰস্কাৰ বিজেতা, ছাত্ৰ–ছাত্ৰী, শিক্ষাবিদ আৰু গাঁও পৰ্যায়ৰ স্বচ্ছতা কৰ্মীসকলক আমন্ত্ৰণ জনোৱা হৈছে।

    ইফালে, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা গৃহ মন্ত্ৰী অমিত শ্বাহে দিল্লীস্থিত শালিমাৰ বাগত এক সভা সম্বোধন কৰিব। এই কথাৰ পিছতে ৰামলীলা ময়দানৰ পৰা ‘গান্ধী সংকল্প যাত্ৰা’ত অংশগ্ৰহণ কৰিব শ্বাহে। দিল্লীৰ সকলো সাংসদ আৰু জ্যেষ্ঠ বিজেপি নেতাই গান্ধী জয়ন্তী উপলক্ষে হ’বলগীয়া এই সংকল্প যাত্ৰাত বিভিন্ন স্থানত অংশগ্ৰহণ কৰিব।

    NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

    শেহতীয়া বাতৰি