মুখ্যপৃষ্ঠা »খবৰ »দেশ »মহাশিৱৰাত্ৰি উপলক্ষে মুকেশ আম্বানী আৰু পুত্ৰ আকাশ আম্বানীৰ গুজৰাটৰ সোমনাথ মহাদেৱ মন্দিৰ দৰ্শন

মহাশিৱৰাত্ৰি উপলক্ষে মুকেশ আম্বানী আৰু পুত্ৰ আকাশ আম্বানীৰ গুজৰাটৰ সোমনাথ মহাদেৱ মন্দিৰ দৰ্শন

মহাশিৱৰাত্ৰি উপলক্ষে মুকেশ আম্বানী আৰু পুত্ৰ আকাশ আম্বানীৰ গুজৰাটৰ সোমনাথ মহাদেৱ মন্দিৰ ভ্ৰমণ

মহাশিৱৰাত্ৰি উপলক্ষে মুকেশ আম্বানী আৰু পুত্ৰ আকাশ আম্বানীৰ গুজৰাটৰ সোমনাথ মহাদেৱ মন্দিৰ ভ্ৰমণ

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক মুকেশ আম্বানীয়ে সোমনাথ মন্দিৰ ট্ৰাষ্টলৈ ১.৫১ কোটি টকাৰ অনুদান আগবঢ়ায়।

  • Share this:

মহাশিৱৰাত্ৰিৰ পবিত্ৰ ক্ষণত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক মুকেশ আম্বানী আৰু তেওঁৰ পুত্ৰ ৰিলায়েন্স জিঅ'ৰ অধ্যক্ষ আকাশ আম্বানীয়ে গুজৰাটৰ সোমনাথ মহাদেৱ মন্দিৰ দৰ্শন কৰে। তেওঁলোকক আদৰণি জনায় পি.কে. মন্দিৰ ন্যাসৰ অধ্যক্ষ লাহিৰী আৰু সম্পাদক শ্ৰী যোগেন্দ্ৰভাই দেশাইয়ে।


মুকেশ আম্বানী আৰু আকাশ আম্বানীয়ে অভিষেক অৰ্পণ কৰি মহাদেৱৰ সন্মুখত প্ৰাৰ্থনা জনায়। মন্দিৰৰ পূজাৰীয়ে চন্দনৰ তিলক পৰিধান কৰায়।



উল্লেখযোগ্য যে, ৰীতি-নীতি পৰম্পৰা শিপাই থকা আম্বানী পৰিয়ালে পূৰ্বৰে পৰা বংশানুক্ৰমিকভাৱে হিন্দুসকলৰ সকলো উৎসৱ উলহ মালহেৰে পালন কৰি আহিছে। এই পবিত্ৰ অনুষ্ঠানতে মুকেশ আম্বানীয়ে সোমনাথ মন্দিৰ ট্ৰাষ্টলৈ ১.৫১ কোটি টকাৰ অনুদান আগবঢ়ায়।

শেহতীয়া বাতৰি