নিজৰ ভাষণত মোদীয়ে উত্তৰপূবৰ ৰাজ্যৰসমূহৰো উল্লেখ কৰে। আগন্তুক দিনসমূহত উত্তৰপূবৰ প্ৰতিখন ৰাজ্যৰ ৰাজধানীক ৰে'ল লাইনেৰে সংযুক্ত কৰা হ'ব বুলি কয় মোদীয়ে।
নিজৰ ভাষণত মোদীয়ে উত্তৰপূবৰ ৰাজ্যৰসমূহৰো উল্লেখ কৰে। আগন্তুক দিনসমূহত উত্তৰপূবৰ প্ৰতিখন ৰাজ্যৰ ৰাজধানীক ৰে'ল লাইনেৰে সংযুক্ত কৰা হ'ব বুলি কয় মোদীয়ে।
দোশৰ গৌৰৱোজ্জল ৭৫ সংখ্যক স্বাধীনতা দিৱস (Independence Day 2021)ত লালকিল্লাত জাতীয় পতাকা (National Flag) উত্তোলন কৰি দেশবাসীক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালে প্ৰানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi)য়ে। ত্ৰিৰংগা পতাকা উত্তোলনৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে জাতিৰ পিতাৰ বাপুজীৰ সমাধিস্থল আৰু অমৰ জোৱান জ্যোতিস্থললৈ গৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।
ভাষণৰ আৰম্ভণিতে মহামাৰি কোৰোণাত (Corona Pendemic) মৃত্যু হোৱা নাগৰিক, ডাক্টৰ, নাৰ্ছ, চফাইকৰ্মী, পেৰামেডিকেল কৰ্মী, আৰক্ষী, বিজ্ঞানী তথা এই মহামাৰীৰে যুঁজি মৃত্যুবৰণ কৰা প্ৰতিগৰাকী লোকলৈ সেৱা জনায় মোদীয়ে।
মোদীয়ে কয় যে দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পৰা ধৰি চৰ্দাৰ বল্লভভাই পেটেল আৰু আম্বেদকাৰলৈকে সকলোৰে ওচৰত দেশ চিৰদিন ঋণী হৈ থাকিব।
স্বাধীনতাৰ লগতে দেশ বিভাজনৰ যন্ত্ৰণা ভোগ কৰা লোকসকলৰ স্মৃতি ৰক্ষাৰ বাবে এতিয়াৰে পৰা ১৪ আগষ্টত বিভাজন স্মৃতি দিৱস পালনৰ সিদ্ধান্ত লৈছে ভাৰত চৰকাৰে।
স্বাধীনতাৰ ৭৫ বছৰক স্বাধীনতাৰ অমৃতবৰ্ষ ৰূপে পালন কৰিছে মোদী চৰকাৰে। আজি ভাষণত মোদীয়ে কয়, আজিৰ পৰা আৰম্ভ কৰি আগন্তুক ২৫ বছৰ হ'ব নতুন ভাৰতৰ সৃজনৰ অমৃতকাল। এই অমৃতকালতে আমাৰ সংক্লপসমূহৰ সফলকামে ভাৰতৰ স্বাধীনতাৰ ১০০ বছৰ উদযাপনৰ ক্ষণলৈ লৈ যাব।
মোদীয়ে কয় যে জম্মু-কাশ্মীৰত এতিয়া বিকাশৰ ধ্বজা উৰিছে। তাত সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম আৰম্ভ কৰা হৈছে আৰু অতি সোনকালেই বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব।
নিজৰ ভাষণত মোদীয়ে উত্তৰপূবৰ ৰাজ্যসমূহৰো উল্লেখ কৰে। আগন্তুক দিনসমূহত উত্তৰপূবৰ প্ৰতিখন ৰাজ্যৰ ৰাজধানীক ৰে'ল লাইনেৰে সংযুক্ত কৰা হ'ব বুলি কয় মোদীয়ে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|