দায়িত্বশীল! ট্ৰাম্পৰ ভ্ৰমণত কোলাত এবছৰীয়া কেঁচুৱা লৈ ডিউটি কৰিলে আৰক্ষী মাতৃয়ে

News18 Assam | News18-Assam
Updated:February 24, 2020, 4:49 PM IST
দায়িত্বশীল! ট্ৰাম্পৰ ভ্ৰমণত কোলাত এবছৰীয়া কেঁচুৱা লৈ ডিউটি কৰিলে আৰক্ষী মাতৃয়ে
আৰক্ষী কনিষ্টবল সংগীতা পাৰমাৰ সন্তান অসুস্থ হোৱাৰ কাৰণে তেওঁ এবছৰীয়া কেঁচুৱা কোলাত লৈ কৰিলে ডিউটি। 

আৰক্ষী কনিষ্টবল সংগীতা পাৰমাৰ সন্তান অসুস্থ হোৱাৰ কাৰণে তেওঁ এবছৰীয়া কেঁচুৱা কোলাত লৈ কৰিলে ডিউটি। 

  • Share this:
বৰোদাঃ আৰক্ষী কনিষ্টবল সংগীতা পাৰমাৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ভ্ৰমণৰ কাৰণে অতি সষ্টম হৈ আছে গুজৰাট আৰক্ষী। চাকৰিৰ তাড়না সংগীতাৰো। কিন্তু আজিৰ দিনটোতে একমাত্ৰ সন্তান অসুস্থ। সেইকাৰণে এবছৰীয়া সন্তানক কোলাত লৈ আৰক্ষীৰ ডিউটি কৰিবলৈ আহিল সংগীতা। সংবাদমাধ্যমক তেওঁ জনায়, ‘মোৰ দায়িত্ব দুয়োফালেই। সেই দায়িত্ব মই পালন কৰিবই লাগিব। সেইকাৰণে সন্তানক লগত লৈ আহিছো।’

তেওঁ কয়, ‘২৪ কিলোমিটাৰ দূৰৈত মোৰ ঘৰ। তাৰপৰা দৈনিক অহা–যোৱা কৰিবলৈ মোৰ ভীষণ সমস্যা। কিন্তু মই কাম কৰিবই লাগিব। গতিকে এয়া অৱধাৰিত যে, একেলগে দুটা কাম কৰিবলৈ মোৰ কিমান কষ্ট হয়! মনৰ খুচিত এই কাম কৰি ভাল লাগিছে।’

উল্লেখযোগ্য যে, ট্ৰাম্পৰ ভ্ৰমণকালত গুজৰাটত কমেও ১২হাজাৰ আৰক্ষীয়ে নিৰাপত্তাৰ দিশটো চোৱা চিতা কৰিছে। ইয়াৰ মাজত গুজৰাটৰ ৩৩জন ডেপুটি কমিশ্যনাৰেও কাম কৰি আছে। কাম কৰিছে ৭৫জন এচিছটেণ্ট কমিশ্যনাৰে। ম’টেৰা ষ্টেডিয়ামৰ পৰা আগ্ৰাৰ তাজমহললৈ ৰাওনা হয় পত্নী মেলানিয়া ট্ৰাম্প, কন্যা ইভাংকা ট্ৰাম্পৰ সৈতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading