ভিডিঅ’ বনাবলৈ গৈ ৰে’লৰ খুন্দাত গুৰুতৰভাৱে আহত এজন ১৭ বছৰীয়া যুৱক। ৰে’লপথৰ অতি ওচৰত ভিডিঅ’ ৰিল বনাই থকা অৱস্থাত চলন্ত ৰে’লে খুন্দা মাৰে যুৱকজনক।
তেলেংগানাত সংঘটিত এই ঘটনাৰ ভিডিঅ’ সম্প্ৰতি ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। গুৰুতৰভাৱে আহত হৈছে যুৱকগৰাকী। এই ভিডিঅ’টোত ল’ৰাজনক ৰে’লখনে খুন্দা মৰাটো স্পষ্ট হৈ পৰিছে। ৰীল বনোৱা ল’ৰাটো তেলেংগানাৰ ৱাৰাংগল জিলাৰ একাদশ শ্ৰেণীৰ ছাত্ৰ চিন্তাকুলা অক্ষয় ৰাজু।
ভিডিঅ’টোত ১৭ বছৰীয়া ল'ৰাজনে ৰে’লপথৰ কাষেৰে খোজ কাঢ়ি গৈ থকাৰ সময়তে বন্ধুৱে তেওঁক সকীয়াই দিয়া শুনিবলৈ পোৱা যায়। কিন্তু সাৱদান হ'বলৈ পোৱাৰ আগেয়ে ৰে'লে খুন্দা মাৰে। ঘটনাস্থলীত উপস্থিত এজন ৰে’লৱে গাৰ্ডে এম্বুলেন্স মাতি ওচৰৰ এখন চিকিৎসালয়লৈ লৈ যায়। বৰ্তমান তেওঁৰ অৱস্থা সংকটজনক। তেলেংগানাৰ হানামকোণ্ডা জিলাৰ কাজিপেট ৰে'লৱে ষ্টেচনৰ সমীপত এই ঘটনা সংঘটিত হয়।
শেহতীয়াকৈ এনে বহু ঘটনা ঘটা দেখা গৈছে। বহুতে ইনষ্টাগ্ৰাম, টিকটকৰ ভিডিঅ’ বনাই কেনেবাকৈ ভাইৰেল হোৱাৰ চিন্তাত থাকে। কিন্তু বহুকেইটা অঘটন ইয়াৰ ফলতে সংঘটিত হৈছে।
Published by: Gautam Barman
First published: September 06, 2022, 23:04 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|