আদৱানীৰ ‘ৰাষ্ট্ৰ প্ৰথম দল দ্বিতীয়’ মন্ত্ৰই বিজেপিৰ আত্মাক প্ৰকৃত ৰূপত তুলি ধৰিছে : মোদী

টুইটাৰত আদৱানীৰ ব্লগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

news18assam
Updated:April 16, 2019, 1:46 PM IST
আদৱানীৰ ‘ৰাষ্ট্ৰ প্ৰথম দল দ্বিতীয়’ মন্ত্ৰই বিজেপিৰ আত্মাক প্ৰকৃত ৰূপত তুলি ধৰিছে : মোদী
টুইটাৰত আদৱানীৰ ব্লগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
news18assam
Updated: April 16, 2019, 1:46 PM IST
বিজেপিৰ লোকসভাৰ প্ৰাৰ্থী তালিকাৰ পৰা বাদ পৰাৰ কেইদিনমান পিছতে বিজেপিৰ জ্যেষ্ঠ নেতা এল কে আদৱানীয়ে এটা ব্লগত গেৰুৱা দলটোৱে বাক স্বাধীনতাৰ ক্ষেত্ৰত জনোৱা সন্মানৰ প্ৰসংগ তুলি ধৰিছিল ।

বিজেপিৰ জ্যেষ্ঠ নেতা এল কে আদৱানীয়ে নিজৰ ব্লগত ‘ৰাষ্ট্ৰ প্ৰথম, দল দ্বিতীয়’ তুলি ধৰাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিক্ৰিয়া নেতাগৰাকীৰ এই আদৰ্শই বিজেপিৰ আত্মাক প্ৰকৃত ৰূপত তুলি ধৰিছে। আদৱানীৰ দৰে মহান নেতাৰ সান্নিধ্য লাভ কৰাটো অত্যন্ত গৰ্বৰ বিষয় বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে। টুইটাৰত তেওঁ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

"আদৱানী ডাঙৰীয়াই বিজেপিৰ প্ৰকৃত সত্তাক সঠিক ৰূপত তুলি ধৰিছে আৰু আমাৰ আদৰ্শ হৈছে ‘ৰাষ্ট্ৰ প্ৰথম, দল তাৰ পিছত আৰু স্বয়ং সকলোতকৈ শেষত।’ বিজেপি কাৰ্যকৰ্তা হিচাপে গৰ্বিত আৰু এল কে আদৱানীৰ দৰে মহান নেতাই দলক মজবুত কৰাৰ বাবে সমানে গৰ্বত।" তেওঁ লিখে ।

জুবিনৰ নেদেখা ৰূপ :

আৰু চাওক পৰৱৰ্তী বাতৰি