ভাৰতত অমিক্ৰমনৰ (Omicron in India) সংক্ৰমণৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰক চেৰ পেলালে ৰাজধানী দিল্লী (Delhi)য়ে। দিল্লীত এই পৰ্যন্ত অমিক্ৰনত আক্ৰানতৰ সংখ্যা হৈছে ১৪২ গৰাকী আৰু মহাৰাষ্ট্ৰত অমিক্ৰনত আক্ৰান্তৰ সংখ্যা হৈছে ১৪১ গৰাকী।
ৰাজ্যখনত কোভিড১৯ৰ সংক্ৰমণ বৃদ্ধইৰ প্ৰতি ৰাখি আজিৰ পৰা দিল্লীত নৈশ কাৰ্ফিউ (Night Curfew) ঘোষণা কৰা হৈছে। নিশা ১১ বজাৰ পৰা পুৱা ৫ বজালৈ দিল্লীত নৈশ কাৰ্ফিউৰ বলৱৎ হ'ব। জৰুৰীকালীন সেৱা আৰু সেইবোৰৰ সৈতে জড়িত ব্যক্তিকহে নৈশ কাৰ্ফিউৰ পৰা ৰেহাই দিয়া হৈছে।
দিল্লীত ইতিমধ্যে য়েলো এলাৰ্ট (Yellow Alert) জাৰি কৰা হৈছে আৰু কোৰোণাৰ সংক্ৰমণৰ বাবে স্কুল, কলেজ ইতিমধ্যে বন্ধ ৰখা হৈছে। মেট্ৰো ট্ৰেইন আৰু ৰাজহুৱা পৰিবহণ, চিনেমা হল, হোটেল, ৰেস্তোৰেণ্ট আদিত ৫০ শতাংশ লোককহে অনুমতি দিয়া হৈছে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|