• Home
  • »
  • News
  • »
  • nation
  • »
  • Omicron in India: ভাৰতত ৭৮১জনলৈ বৃদ্ধি পালে অমিক্ৰনত আক্ৰান্তৰ সংখ্যা, বিগত ২৪ ঘণ্টাত কোৰোণাত আক্ৰান্ত ৯,১৯৫জন

Omicron in India: ভাৰতত ৭৮১জনলৈ বৃদ্ধি পালে অমিক্ৰনত আক্ৰান্তৰ সংখ্যা, বিগত ২৪ ঘণ্টাত কোৰোণাত আক্ৰান্ত ৯,১৯৫জন

নতুন সংখ্যা অনুসৰি, অমিক্ৰন ভেৰিয়েণ্টত আক্ৰান্ত ৭৮১জনৰ ২৪১জনে সুস্থ হৈ হাস্পতালৰ পৰা ঘৰলৈ উভতিছে।

নতুন সংখ্যা অনুসৰি, অমিক্ৰন ভেৰিয়েণ্টত আক্ৰান্ত ৭৮১জনৰ ২৪১জনে সুস্থ হৈ হাস্পতালৰ পৰা ঘৰলৈ উভতিছে।

নতুন সংখ্যা অনুসৰি, অমিক্ৰন ভেৰিয়েণ্টত আক্ৰান্ত ৭৮১জনৰ ২৪১জনে সুস্থ হৈ হাস্পতালৰ পৰা ঘৰলৈ উভতিছে।

  • Share this:
ভাৰতত কোৰোণা ভাইৰাছৰ (Coronavirus) নতুন ভেৰিয়েণ্ট অমিক্ৰনত আক্ৰান্ত ৰোগীৰ সংখ্যা ৭৮১জনলৈ বৃদ্ধি পালে। বিগত ২৪ ঘণ্টাত দেশত কোৰোণাত আক্ৰান্ত হৈছে ৯,১৯৫জন লোক। মৃত্যু হৈছে ৩০২জনৰ। বৰ্তমান দেশত ৭৭ হাজাৰৰো অধিক কোভিড ৰোগীৰ চিকিৎসা চলি আছে। নতুন সংখ্যাকে ধৰি দেশত কোৰোণা সংক্ৰমিতৰ মুঠ সংখ্যা ৩ কোটি ৪৮ লাখ ৮ হাজাৰ ৮৮৬জন হ’লগৈ। এতিয়ালৈ ৪ লাখ ৮০ হাজাৰ ৫৯২জন লোকে প্ৰাণ হেৰুৱাইছে এই মহামাৰীত।

নতুন সংখ্যা অনুসৰি, অমিক্ৰন ভেৰিয়েণ্টত আক্ৰান্ত ৭৮১জনৰ ২৪১জনে সুস্থ হৈ হাস্পতালৰ পৰা ঘৰলৈ উভতিছে। অমিক্ৰন ভেৰিয়েণ্টৰ আটাইতকৈ বেছি ঘটনা (২৩৮) দিল্লীত পোৱা গৈছে। ইয়াৰ পিছত মহাৰাষ্ট্ৰত ১৬৭জন ৰোগী ধৰা পৰিছে। দেশৰ ২১ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত অমিক্ৰন বিয়পিছে। শেহতীয়াকৈ মণিপুৰ, লাডাখ, হিমাচল প্ৰদেশ, গোৱাতো অমিক্ৰনৰ প্ৰথম ঘটনা পোহৰলৈ আহিছে।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি