ভাৰতত কোৰোণাৰ নতুন ভেৰিয়েণ্ট অমিক্ৰন (Omicron Cases in India)ত সংক্ৰমিত লোকৰ সংখ্যা ৪৫ জনলৈ বৃদ্ধই। ৰাজধানী দিল্লীত আজি আৰু ৪ জন লোকৰ দেহত অমিক্ৰন (Omicron)ৰ সংক্ৰমণ ধৰা পৰে। অৱশ্যে এজন অমিক্ৰনত সংক্ৰমিত লোক আৰোগ্য হৈ ঘৰলৈ উভতিছে। উল্লেখ্য যে দিল্লী (Delhi)ত বিগত প্ৰায় ৪ মাহ ধৰি গড় হিচাপত ৬৩ জন লোক কোৰোণাত আক্ৰান্ত হৈ আছে।
যোৱা ২৪ ঘণ্টাত সমগ্ৰ দেশত কোৰোণা (Corona)ত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ৫৭৮৪ গৰাকী আৰু ম-ত্যু হৈছে ২৫২ জনৰ। কিন্তু বিশেষজ্ঞই দিল্লীৰ পৰিস্থিতি চিন্তাজনক বুলি মন্তব্য কৰিছে।