ভাৰতত ক্ৰমান্বয়ে বাঢ়ি আছে অমিক্ৰন (Omicron)ৰ সংক্ৰমণ। আজি মহাৰাষ্ট্ৰত পুনৰ ৩১ জন লোক অমিক্ৰনত সংক্ৰমিত হৈছে। ৰাজ্যখনত ইয়াকে ধৰি অমিক্ৰনত সংক্ৰমিতৰ সংখ্যা ১৪১গৰাকীলৈ বৃদ্ধি পালে। মহাৰাষ্ট্ৰত আজি নতুনকৈ ১৬৪৮ গৰাকী লোক কোৰোণাত আক্ৰান্ত হৈছে।
ইপিনে দিল্লীত কাইলৈৰ পৰা নৈশ কাৰ্ফিউ (Night Curfew)ৰ ঘোষণা কৰিছে কেজৰিৱাল চৰকাৰে। নিশা ১১ বজাৰ পৰা পুৱা ৫ বজালৈ ৰাজধানী দিল্লীত নৈশ সান্ধ্য আইনৰ ঘোষণা কৰা হৈছে। দিল্লীত নতুনকৈ ২৯০গৰাকী লোক কোৰোণাত আক্ৰান্ত হৈছে।
ইপিনে কৰ্ণাটকত ৭জন, ৰাজস্থানত ২১জন, অন্ধ্ৰ প্ৰদেশত ২জন, হিমাচল প্ৰদেশত ১জন, ওডিশাত ৪জন, মধ্য প্ৰদেশত ৪জন লোক নতুনকৈ অমিক্ৰনত সংক্ৰমিত হৈছে।
কৰ্ণাটকত সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি নৱ বৰ্ষৰ পাৰ্টীত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ৰাজ্যখনত ২৮ ডিচেম্বৰৰ পৰা ১০ দিনৰ বাবে নৈশ কাৰ্ফিউৰ ঘোণা কৰা হৈছে। নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ নৈশ কাৰ্ফিউ জাৰি কৰা হৈছে।
উল্লেখ্য যে এই পৰ্যন্ত ভাৰতত ৪২২ জন লোক অমিক্ৰনত (Omicron in India) আক্ৰান্ত হৈছে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|