ভাৰতত কোৰোণা ভেৰিয়েণ্ট অমিক্ৰন (Corona Variant Omicron)ত আক্ৰন্তৰ সংখ্যা ৬৫৩ জনলৈ বৃদ্ধি পালে। বিশেষকৈ ৰাজধানী দিল্লী (Delhi)ত দিনে দিনে পৰস্থিতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিব ধৰিছে। এই পৰিপ্ৰেক্ষিতত আজি এক জৰুৰীভাৱে উচ্চ পৰ্যায়ৰ কোভিড১৯ পৰ্যালোচনা বৈঠকৰ আহ্বান কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱলে। এই বৈঠকত দিল্লীত য়েলো এলাৰ্ট জাৰি কৰাৰ সম্ভাৱনা আছে। ইতিমধ্যে দিল্লীত নৈশ কাৰ্ফিউ ঘোষণা কৰা হৈছে।
উল্লেখ্য যে সমগ্ৰ দেশৰ ২১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৬৫৩ জন লোক অমিক্ৰনত সংক্ৰমিত হৈছে। ইয়াৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক ১৬৭ গৰাকী লোক আৰু দিল্লীত দ্বিতীয় সৰ্বাধিক ১৬৫ গৰাকী লোক সংক্ৰমিত হৈছে।
আনহাতে কেৰালাত ৫৭ গৰাকী, তেলেংগানাত ৫৫ গৰাকী, গুজৰাটত ৪৯ গৰাকী আৰু ৰাজস্থানত ৪৬ গৰাকী লোক অমিক্ৰনৰ দ্বাৰা সংক্ৰমিত হৈছে।
ইয়াৰ মাজতে সকাহ দি কেন্দ্ৰীয় চৰকাৰে নতুনকৈ জৰুৰীকালীন ব্যৱহাৰৰ বাবে - CORBEVAX vaccine, COVOVAX vaccine আৰু Anti-viral ঔষধ Molnupiravirৰ চৰ্তসাপেক্ষ প্ৰয়োগত অনুমোদন জনাইছে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assameseইপিনে যোৱা ২৪ ঘণ্টাত ভাৰতত ৬৩৫৮ গৰাকী লোক কোভিড (Covid19)ত আক্ৰান্ত হৈছে আৰু ২৯৩ গৰাকী লোক কোভিড১৯ত মৃত্যুমুখত পৰিছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|