ভাৰতৰ ক্ৰীড়াৰ বাবে বৃহৎ ক্ষতি, স্বৰ্ণজয়ী বক্সাৰ ডিংকো সিঙৰ দেহাৱসান

News18 Assam | News18-Assam
Updated:June 10, 2021, 9:32 AM IST
ভাৰতৰ ক্ৰীড়াৰ বাবে বৃহৎ ক্ষতি, স্বৰ্ণজয়ী বক্সাৰ ডিংকো সিঙৰ দেহাৱসান
Dingko Singh (Photo : Twitter)

১৯৯৮ চনত ডিংকো সিঙে লাভ কৰিছিল অৰ্জুন বঁটা। ২০১৩ চনত লাভ কৰিছিল পদ্মশ্ৰী সন্মান।

  • Share this:
ভাৰতৰ ক্ৰীড়াৰ বৃহৎ ক্ষতি। মণিপুৰৰ স্বৰ্ণজয়ী বক্সাৰ ডিংকো সিঙৰ দেহাৱসান। ৪১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ডিংকো সিঙে। ছয় বছৰ ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল ডিংকো। বিগত বর্ষত আক্ৰান্ত হৈছিল কোভিডত।

১৯৯৮ চনৰ বেংকক এছিয়ান গেমছৰ স্বৰ্ণজয়ী বক্সাৰ আছিল ডিংকো। অৰ্জুন আৰু পদ্মশ্ৰী বঁটা বিজয়ী অলিম্পিয়ান আছিল মণিপুৰৰ বক্সাৰগৰাকী। ভাৰতীয় নৌ বাহিনীত চাকৰি কৰিছিল ডিংকোৱে।

১৯৯৮ চনত ডিংকো সিঙে লাভ কৰিছিল অৰ্জুন বঁটা। ২০১৩ চনত লাভ কৰিছিল পদ্মশ্ৰী সন্মান। তেওঁৰ নামত বলীউদত নিৰ্মাণ হৈ আছিল ছবি।


ডিংকো সিঙৰ মৃত্যুত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে গভীৰ শোক প্ৰকাশ কৰিছে।
Published by: Sanjay Kumar Das
First published: June 10, 2021, 9:32 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি