• Home
  • »
  • News
  • »
  • nation
  • »
  • বাইক চলালেহে হেলমেট লাগে, ঠেলিলেটো নালাগে! ট্ৰাফিক ৰুলৰ পৰা বচাৰ অদ্ভুত উপায়, ভিডিঅ’ ভাইৰেল

বাইক চলালেহে হেলমেট লাগে, ঠেলিলেটো নালাগে! ট্ৰাফিক ৰুলৰ পৰা বচাৰ অদ্ভুত উপায়, ভিডিঅ’ ভাইৰেল

ভাইৰেল হোৱা ভিডিঅ’টোৰ কেপচন হৈছে – ‘হেলমেট নোহোৱাকৈ গাড়ী চলোৱাটো আইনবিৰুদ্ধ, খোজকঢ়া নহয়’।

ভাইৰেল হোৱা ভিডিঅ’টোৰ কেপচন হৈছে – ‘হেলমেট নোহোৱাকৈ গাড়ী চলোৱাটো আইনবিৰুদ্ধ, খোজকঢ়া নহয়’।

ভাইৰেল হোৱা ভিডিঅ’টোৰ কেপচন হৈছে – ‘হেলমেট নোহোৱাকৈ গাড়ী চলোৱাটো আইনবিৰুদ্ধ, খোজকঢ়া নহয়’।

  • Share this:
    দেশত কাৰ্যকৰী হৈছে নতুন যান–বাহন আইন। পূৰ্বৰ তুলনাত অধিক কঠোৰ হৈছে নতুন যান–বাহন আইন। আইন ভংগ কৰিলেই ভৰিব লাগিব পূৰ্বৰ তুলনাত অধিক পৰিমাণৰ জৰিমনা। কঠোৰ যান–বাহন আইনখনক লৈ ছচিয়েল মিডিয়াতো সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বিভিন্ন লোকে নিজৰ নিজৰ ধৰণে ছচিয়েল মিডিয়াত ইয়াৰ বিৰোধিতা কৰিছে। ইয়াৰ মাজতে ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এটা ভিডিঅ’। অৱশ্যে এই ভিডিঅ’ নতুন যান–বাহন আইন প্ৰণয়ন কৰাৰ পিছৰ নহয়। ভিডিঅ’টো পুৰণি।

    ভাইৰেল হোৱা ভিডিঅ’টোৰ কেপচন হৈছে – ‘হেলমেট নোহোৱাকৈ গাড়ী চলোৱাটো আইনবিৰুদ্ধ, খোজকঢ়া নহয়’। এই ভিডিঅ’টোত ব্যস্ত ৰাজপথত বাইক ঠেলি ঠেলি যোৱা দেখা গৈছে এদল মানুহক।

    IPS বিষয়া পংকজ নেইনে এই ভিডিঅ’টো টুইট কৰি লিখিছে – ‘ট্ৰাফিক চালানৰ পৰা বাচিবলৈ আজৱ পন্থা’। আন ব্যৱহাৰকাৰীয়েও এই ভিডিঅ’টোক লৈ আমোদ লোৱা দেখা গৈছে।







     বিনোদ সৈনী নামৰ এজনে আন এটা ভিডিঅ’ শ্বেয়াৰ কৰি লিখিছে – ইয়াত নতুনত্ব একো নাই। মই ২০১৮ চনৰ ১৪ নৱেম্বৰত আহমেদাবাদত এনে পৰিস্থিতি দেখিছিলো।
    NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
    First published: